গুৱাহাটী : গুৱাহাটী মহানগৰীত যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ। মহানগৰীত অৰুণাচল প্ৰদেশৰ এগৰাকী যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ। চেলুনত চুলি কৰিবলৈ যোৱা অৰুণাচল প্ৰদেশৰ যুৱতী গৰাকীক চেলুনৰ কৰ্মচাৰীয়ে যৌন নিৰ্যাতন চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন। আৰক্ষীৰ ভূমিকাকলৈ ক্ষোভ প্ৰকাশ কৰে যুৱতী গৰাকীৰ লগতে যুৱতী গৰাকীৰ বন্ধু সকল।

বুধবাৰে সন্ধিয়াৰ ভাগত মহানগৰী গুৱাহাটীত অৰুণাচল প্ৰদেশৰ এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। মহানগৰীৰ জু-নাৰেংগী পথত থকা সুৰজ চেলুনত অৰুণাচল প্ৰদেশৰ যুৱতীক গৰাকীক চেলুনৰ কৰ্মচাৰীয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে অৰুণাচল প্ৰদেশৰ যুৱতী গৰাকীয়ে।

অৰুণাচল প্ৰদেশৰ যুৱতী গৰাকী সন্ধিয়াৰ ভাগত সুৰজ চেলুনত চুলি কৰিবলৈ গৈছিল। চুলি কটাৰ পিছত চেলুনৰ কৰ্মচাৰীজনে যুৱতী গৰাকীৰ মালিচ কৰি থকা সময়ত যুৱতী গৰাকীৰ গোপন অংগত হাত দিয়াৰ অভিযোগ উত্থাপন কৰে অৰুণাচল প্ৰদেশৰ যুৱতী গৰাকীয়ে। ইয়াৰ পিছতে যুৱতী গৰাকীয়ে গীতনগৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় যদিও আৰক্ষীয়ে চেলুনৰ কৰ্মচাৰীজনৰ পক্ষ লোৱা বুলি অভিযোগ কৰে নিৰ্যাতিতা যুৱতী গৰাকীয়ে।

পৰৱৰ্তী সময়ত যুৱতী গৰাকী গীতনগৰ থানাত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিবলৈ উপস্থিত হয় যদিও গীতানগৰ আৰক্ষীয়ে যুৱতী গৰাকীৰ গোচৰ ল’বলৈ অমান্তি হোৱা বুলি যুৱতী গৰাকীয়ে অভিযোগ কৰে। ইয়াৰ পিছতে গীতানগৰ থানাত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। অৱশেষত সংবাদ মাধ্যমৰ উপস্থিতিত পিছত আৰক্ষীয়ে গোচৰ ৰজু কৰে। ইফালে নিশাৰ ভাগত থানাত মহিলা আৰক্ষী নথকাত ভুক্তভোগী যুৱতী গৰাকীক পুৰুষ আৰক্ষীয়ে লৈ যায়।

আৰক্ষীৰ ফালৰ জানিবলৈ দিয়ে যে ঘটনা সন্দৰ্ভত ইতিমধ্যে গোচৰ ৰুজু কৰি অভিযুক্ত চেলুনৰ কৰ্মচাৰীজনক আটক কৰা হৈছে। ভুক্তভোগী যুৱতী গৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ কথাও জানিবলৈ দিয়ে আৰক্ষীয়ে। আনহাতে নিশা থানাত মহিলা আৰক্ষী নথকা সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ কোনো উত্তৰ নিদিয়ে আৰক্ষীয়ে। আনকি সংবাদ মাধ্যমক বাতৰি সংগ্ৰহতো বাধা প্ৰদান কৰিছিল গীতানগৰ আৰক্ষীয়ে।