মামুন আলী

গৌৰীপুৰ : গৌৰীপুৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। গৌৰীপুৰৰ আলমগঞ্জত ৰে’ল লাইনৰ কাষত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। ৰে’লৰ খুন্দাত যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ। অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। 

ধুবুৰী জিলাৰ গৌৰীপুৰৰ আলমগঞ্জত ৰে’ল লাইনৰ কাষত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বুধবাৰে আলমগঞ্জ নৱম খণ্ড গাঁৱত ৰে’ল লাইনৰ কাষত তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়।

যোগীঘোপা-ময়নাগুৰি ৰে’ল লাইনেৰে এখন মালবাহী ৰে’ল পাৰ হৈ যোৱাৰ পিছতে ৰে’ল লাইনৰ কাষত তেজেৰে লুতুৰি পুতুৰি হৈ পৰি থকা অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়। ৰে’লৰ খুন্দাত যুৱকজনৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। যুৱকজন আলমগঞ্জৰ মন্তাজুল হক বুলি চিনাক্ত কৰা হৈছে।