দক্ষিণ শালমাৰা, ২৩ জুনঃ দক্ষিণ শালমাৰাৰ ভাৰত-বাংলা সীমান্তত বিএছএফৰ আক্ৰমণত দুইজন  গৰু সৰবৰাহকাৰী আহত হয়৷ সীমান্তত গৰু সৰবৰাহৰ চেষ্টা চলাওঁতে বিএছএফৰ জোৱানে সৰবৰাহকাৰী দুজনক আটক কৰে৷ সৰবৰাহকাৰী দুজনে পলায়নৰ চেষ্টা কৰে যদিও বিএছএফৰ জোৱানে দুয়োকে প্ৰহাৰ কৰি চৰত পেলাই দিয়ে৷ উল্লেখ্য যে, দক্ষিণ শালমাৰাৰ ভাৰত-বাংলা সীমান্তয়েদি বিগত কেইবাদিনো ধৰি সৰবৰাহকাৰী দলে গৰু সৰবৰাহ কৰি আহিছিল৷ বিএছএফৰ জোৱানে দলটোক কৰায়ত্তৰ কাৰণে অভিযান অব্যাহত ৰাখিছিল৷ প্ৰত্যেক বাৰেই সৰবৰাহকাৰীৰ দলটো পলায়ন কৰিবলৈ সক্ষম হৈছিল যদিও বিএছএফৰ জোৱানে বিভিন্ন সময়ত দলকেইটাৰ পৰা কেইবাটাও গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ অৱশেষত আজি বিএছএফৰ জোৱানে গৰু সৰবৰাহকাৰী দুজনক আটক কৰিবলৈ সক্ষম হয়৷ আহত গৰু সৰবৰাহকাৰী দুজনক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷