নিউজ ডেস্ক : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিয়ে (Aam Admi Party) লাভ কৰিছে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা। সোমবাৰে সন্ধিয়াৰ ভাগত নিৰ্বাচন আয়োগে আম আদমি পাৰ্টিয়ে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা লাভ কৰাৰ কথা ঘোষণা কৰে। নিৰ্বাচন আয়োগে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ, চিপিআই আৰু শৰদ পাৱাৰৰ এনচিপিয়ে ৰাষ্ট্ৰীয় দলৰ মৰ্যদা হেৰুৱাইছে বুলিও ঘোষণা কৰে।

কিছুদিন পূৰ্বে আম আদমি পাৰ্টিয়ে ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি লাভৰ বাবে কৰ্ণাটক উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। এই আবেদনত কোৱা হৈছিল যে আম আদমি পাৰ্টিক ৰাষ্ট্ৰীয় দলৰ মৰ্যদা প্ৰদান কৰাত পলম হোৱাৰ বাবে দলটোৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষমতাত বাধা আহি পৰিছে। আপ কৰ্ণাটকৰ আহ্বায়ক পৃথ্বী ৰেড্ডীয়ে দাখিল কৰা আবেদনখনত উল্লেখ কৰা হৈছে যে দলটোৱে ৰাষ্ট্ৰীয় দল হোৱাৰ সকলো মাপকাঠী পূৰণ কৰে যদিও নিৰ্বাচন আয়োগে ইয়াক সেই মৰ্যাদা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে। উল্লেখ্য যে যোৱা মাহতহে নিৰ্বাচন আয়োগে কৈছিল যে শৰদ পাৱাৰৰ এনচিপিৰ ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা পুনৰীক্ষণ কৰিব।

নিৰ্বাচন আয়োগে এনচিপিৰ সিদ্ধান্তৰ পুনৰীক্ষণ বিচাৰি এনচিপিৰ প্ৰতিনিধিত্বৰ শুনানি গ্ৰহণ কৰিব। এনচিপিয়ে এতিয়া ৰাষ্ট্ৰীয় দলীয় মৰ্যাদাৰ প্ৰয়োজনীয়তা পূৰণ নকৰে। কোনো ৰাজনৈতিক দলক ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি দিয়া হয় যদিহে ইয়াৰ প্ৰাৰ্থীসকলে লোকসভা বা বিধানসভা নিৰ্বাচনত চাৰিখন বা তাতকৈ অধিক ৰাজ্যৰ কমেও ৬ শতাংশ ভোট লাভ কৰে। ইয়াৰ বাহিৰেও দলটোৱে কমেও চাৰিখন লোকসভাৰ আসন লাভ কৰিব লাগিব।

ইফালে আম আদমি পাৰ্টিয়ে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা লাভ কৰাৰ পিছতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইট কৰি লিখিছে “ইমান কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় দল? এইটো এটা অলৌকিকতাতকৈ কম নহয়। সকলোলৈ বহুত বহুত অভিনন্দন। দেশৰ কোটি কোটি মানুহে আমাক ইয়ালৈ লৈ আহিছে। মানুহে আমাৰ পৰা বহুত আশা কৰে। আজি মানুহে আমাক এই বৃহৎ দায়িত্ব দিছে। হে প্ৰভু, আমাক এই দায়িত্ব ভালদৰে পালন কৰিবলৈ আশীৰ্বাদ কৰক।”

ইয়াৰ উপৰিও নাগালেণ্ডত ৰাম বিলাশ পাছৱানৰ লোক জনশক্তি পাৰ্টিক ৰাজ্যিক দল হিচাপে স্বীকৃতি দিয়া হৈছে আৰু ত্ৰিপুৰাত টিপ্ৰা মোথা পাৰ্টিক ৰাজ্যিক দল হিচাপে স্বীকৃতি দিয়া হৈছে। আনহাতে অন্ধ্ৰ প্ৰদেশত বিআৰএছৰ ৰাজ্যিক দলৰ স্বীকৃতি বাতিল কৰা হৈছে। লগতে নিৰ্বাচন আয়োগে উত্তৰ প্ৰদেশত আৰএলডিৰ ৰাজ্যিক দলৰ মৰ্যাদা প্ৰত্যাহাৰ কৰিছে। পশ্চিম বংগত ৰাজ্যিক দল হিচাপে বাতিল কৰা হৈছে বিপ্লৱী সমাজবাদী দলক। মেঘালয়ত ভইচ অৱ দ্য পিপল পাৰ্টিয়ে ৰাজ্যিক দল হিচাপে স্বীকৃতি লাভ কৰিছে।