গুৱাহাটী : স্মাৰ্ট প্ৰিপেইডৰ নামত বিজেপি চৰকাৰে লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ (Trinamool Congress)। শক্তিমন্ত্ৰীয়ে অসমীয়াত নোৱাৰিলেও হিন্দী বা ইংৰাজীত উত্তৰ দিয়ক বুলি মন্তব্য বন্দীপ দত্তৰ। স্মাৰ্ট প্ৰিপেইড মিটাৰৰ নামত লুণ্ঠনৰাজ চলাইছে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে। মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীক বলিৰ পঠা সজাই ৰাজ্য চৰকাৰে নিজৰ লাভালাভত গুৰুত্ব দিছে বুলি অভিযোগ তৃণমূল কংগ্ৰেছৰ।

ৰাজ্যবাসীক বিদ্যুৎ যোগান দিয়াৰ দায়িত্বত থকা এপিডিচিএলত চূড়ান্ত বেমেজালিৰ অভিযোগ উত্থাপন কৰিছে অসম তৃণমূল কংগ্ৰেছৰ নেতৃত্বই। সোমবাৰে দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত অংশ গ্ৰহণ কৰি দলৰ সাধাৰণ সম্পাদক তথা মিডিয়া বিভাগৰ তত্বাৱধায়ক অভিজিৎ মজুমদাৰৰ লগতে যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই শাসকীয় বিজেপি চৰকাৰক সমালোচনাৰে থকাসৰকা কৰে। এপিডিচিএলৰ ভুল পৰিচালনা নীতিৰ ফল জনতাই ভুগিব লগা হৈছে বুলি তৃণমূল কংগ্ৰেছে অভিযোগ কৰিছে।

প্ৰিপেইড মিটাৰ কথাটো শুনিবলৈ ভাল কিন্তু প্ৰকৃতাৰ্থত এই ব্যৱস্থাই গ্ৰামাঞ্চলৰ হোজা ৰাইজক নগুৰ-নাকটি কৰিছে। এপিডিচিলেও এই ক্ষেত্ৰত কোনো সজাগতামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি দলটোৰ নেতৃত্বই কয় যে স্মাৰ্ট মিটাৰৰ প্ৰিপেইড সেৱাত এপিডিচিলে যিকোনো মুহূৰ্তত বিদ্যুৎ কৰ্তন কৰি আহিছে আৰু ৰাইজৰ হাৰাশাস্তি বৃদ্ধি কৰিছে। অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই সংবাদমেলত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাই অসমীয়া নাজানো বুলি কৈ বিষয়টোৰ পৰা দায় সাৰিবলৈ চেষ্টা কৰা কাৰ্যক কঠোৰভাষাৰে সমালোচনা কৰে।

বন্দীপ দত্তই লগতে অভিযোগ কৰি কয় যে অসমীয়া নাজানো বুলি শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছা ডাঙৰীয়ানীয়ে ঠিকেই কৈছে সঁচা কিন্তু তেওঁ নিজৰ বিভাগৰ ব্যৰ্থতা ঢাকিবলৈ এনে পন্থা গ্ৰহণ কৰি সংবাদ মাধ্যমৰ পৰা আঁতৰি আছে। অসম তৃণমূল কংগ্ৰেছে এই ক্ষেত্ৰত শক্তিমন্ত্ৰীগৰাকীৰ পৰা সঠিক উত্তৰ দাবী কৰিছে। উল্লেখ্য যে এপিডিচিএলে প্ৰিপেইড মিটাৰ সংস্থাপন কৰাৰ পিছৰে পৰা বহু লোকৰ বিদ্যুৎ বিল পূৰ্বৰ তুলনাত অধিক অহাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। ইয়াকেলৈ বিৰোধী দল সমূহে আক্ৰমণৰ লক্ষ্য কৰি লৈছে শাসকীয় বিজেপি দলটোক।