গুৱাহাটী : প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম তিথিৰ লগত সংগতি ৰাখি দেওবাৰে সমগ্ৰ দেশতে “সু-শাসন” দিৱস আয়োজন কৰা হয়। ভাৰতীয় জনতা পাৰ্টিৰ (BJP) উদ্যোগত তথা দলৰ কাৰ্যকৰ্তা সকলৰ সহযোগত দেশৰ প্ৰতিটো বুথতে “সু-শাসন দিৱস” আৰু বছৰৰ অন্তিমটো মন কী বাত অনুষ্ঠান আয়োজিত হয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৮ সংখ্যক জয়ন্তীত গভীৰ শ্ৰদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰীয়ে কয় দেশভক্তি, মাতৃভূমিৰ প্ৰতি শ্ৰদ্ধা আৰু সুদক্ষ নেতৃত্বই আমাৰ সাংবিধানিক দায়বদ্ধতা সুচাৰুৰূপে পালন কৰি যোৱাৰ ক্ষেত্ৰত সদায়েই প্ৰেৰণা যোগাই আহিছে। উক্ত অনুষ্ঠানত কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, জ্যেষ্ঠ দলীয় নেতা জয়ন্ত দাস, অশোক ভট্টকায়, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলি ৰাম ৰংহাঙ আৰু সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যতি মৰলকে ধৰি দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৰঙিয়া ব্লক মণ্ডল, ৰঙিয়া নগৰ মণ্ডলে সু-শাসন দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা বিশাল গাঁও সভাত উপস্থিত থাকি প্ৰয়াত নেতাজনৰ প্ৰতি শ্ৰদ্ধা নিবেদন জনাই ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ কৰ্মৰাজি, আদৰ্শ, দেশৰ প্ৰতি থকা অৱদানৰ বিষয়ত বক্তব্য প্ৰদান কৰে। উক্ত অনুষ্ঠানতে ভাৱেশ কলিতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বধীন আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন ভাৰতীয় জনতা পাৰ্টিৰ ডাবুল ইঞ্জিনৰ চৰকাৰ দুয়োখনে জনসাধাৰণৰ বাবে লোৱা জনকল্যাণ মূলক আঁচনি তথা পদক্ষেপ সমূহৰ সম্পৰ্কে ৰাইজ অৱগত কৰে।

উল্লেখ্য যে বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত ৰাজ্যিক কাৰ্যালয় সম্পাদক সুজিত বিশ্বাসে আতধৰা অনশষ্ঠানত দিশপুৰ সমষ্টিৰ ৰাজধানী মণ্ডৰ ১২২ নং বুথৰ সভাপতি বিদ্যুৎ কলিতাৰ সভাপতিত্বত শতাধিক কাৰ্যকৰ্তাৰ উঅস্থিতি “মন কি বাত“ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ একেদৰে সমগ্ৰ অসমৰ প্ৰতিখন জিলাত জিলা বিষয়ববীয়াৰ উপস্থিতিত তথা দলৰ কাৰ্যকৰ্তা সকলৰ সহযোগত ৪০০ টা মণ্ডলৰ ২৮ হাজাৰ বুথ পৰ্যায়ত “সু-শাসন দিৱস” তথা মন কী বাত অনুষ্ঠান আয়োজিত হৈ যায়।