গুৱাহাটী : পুনৰ বাঘ ওলাইছে মহানগৰী গুৱাহাটীত। মহানগৰীৰ এটা অঞ্চলত বাঘৰ সন্ত্ৰাস (Leopard Terror)। বাঘৰ আক্ৰমণত আহত হৈছে এজন লোক। বাঘৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে অঞ্চলটোৰ বাসিন্দা।

মহানগৰী গুৱাহাটীত বাঘৰ সন্ত্ৰাস নতুন কথা নহয়। গুৱাহাটীৰ বিভিন্ন অঞ্চলত প্ৰায়ে খাদ্যৰ সন্ধানত বনাঞ্চল পৰা বাঘ ওলাই অহা দেখিবলৈ পোৱা যায়। মহানগৰী গুৱাহাটীৰ পাহাৰীয়া অঞ্চল সমূহত বাঘ আৰু মানুহ একেলগে সহবাস কৰি আছে।

বানাঞ্চল আৰু পাহাৰ ধ্বংসৰ পৰিণতিত বাসস্থান হেৰুৱাবলৈ ধৰি বন্যপ্ৰাণী সমূহে। ফলত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত দিনক দিনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। গুৱাহাটীৰ পাহাৰীয়া অঞ্চল সমূহত থকা নাহৰফুটুকী বাঘ সমূহ একপ্ৰকাৰ গৃহহীন হৈ পৰিছে। সেইহে গুৱাহাটীত সঘনাই মানুহ আৰু নাহৰফুটুকী বাঘৰ মাজত সংঘাত দেখিবলৈ পোৱা যায়।

পুনৰ মহানগৰী গুৱাহাটীত সংঘটিত হৈছে মানুহ আৰু নাহৰফুটুকী বাঘৰ মাজত সংঘাত। এই সংঘাতত এজন লোক গুৰুত্বৰভাৱে আহত হৈছে। ঘটনা সংঘটিত হৈছে মহানগৰীৰ গণেশপাৰা অঞ্চলৰ দাতালপাৰাত। নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত হৈছে অলংজিত বসুমতাৰী নামৰ এজন লোক।

অৱশ্যে অলংজিত বসুমতাৰী চিকিৎসা পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঘৰলৈ ঘূৰি আহে। জানিব পৰা মতে দাতালপাৰাত বিগত কিছুদিন ধৰি এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে সন্ত্ৰাস চলাই আছে। উল্লেখ্য যে কিছুদিন পূৰ্বে মহানগৰীৰ উমানন্দ মন্দিৰৰ শিলৰ মাজত লুকাই থকা এটা প্ৰকাণ্ড ঢেকীয়াপতিয়া বাঘক উদ্ধাৰ কৰিছিল বন বিভাগে।