গুৱাহাটী : অহা ২৮ জানুৱাৰীত অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আল্ট্ৰা ৰাণ (Ultra Run)। ৫২ কিলোমিটাৰৰ দৈৰ্ঘৰ এই প্ৰতিযোগিতাতত সমগ্ৰ দেশৰ দৌৰবিদে অংশগ্ৰহণ কৰিব। ‘ৰাণ ফৰ দ্য ৰাইনো’ নামৰ এই আল্ট্ৰা ৰাণ প্ৰতিযোগিতা সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে শনিবাৰে গুৱাহাটীত এক প্ৰম’ ৰাণ অনুষ্ঠিত হৈ যায়। খানাপাৰাত ৱাকিং জ’নৰ পৰা আৰম্ভ হোৱা ৫ কিলোমিটাৰৰ প্ৰম’ ৰাণত গুৱাহাটীৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ প্ৰায় ১৫০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

এই প্ৰম’ ৰাণৰ অন্যতম আকৰ্ষণ আছিল ইথিয়পিয়াৰ বিখ্যাত দৌৰবিদ আদিছু বেকেলে। আদিছু বেকেলেৰ অংশগ্ৰহণে স্থানীয় দৌৰবিদ সকলক যথেষ্ঠ উৎসাহিত কৰে। তেঁও স্থানীয় দৌৰবিদ সকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে আল্ট্ৰা ৰাণ সন্দৰ্ভত বহু পৰমাৰ্শ আগবঢ়ায়। অহা ২৮ জানুৱাৰীত ৫২ কিলোমিটাৰৰ লগতে ২৬ কিলোমিটাৰ, ১৪ কিলোমিটাৰ আৰু ৫ কিলোমিটাৰ শিতানত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সমগ্ৰ দেশৰে প্ৰায় ৭০০ দৌৰবিদে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। বন সুৰক্ষা কৰ্মী সকলৰ তৎপৰতাত আৰু চৰকাৰৰ কঠোৰ স্থিতিৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ নিধন যোৱা কেইটা বছৰত সম্পূৰ্ণ বন্ধ হৈছে। গঁড় সুৰক্ষাৰ সফলতাৰ এই দিশটো দাঙি ধৰাৰ লগতে সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে এই প্ৰতিযোগিতাখনিৰ আয়োজন কৰা হৈছে।

কাজিৰঙাৰ বৰগছ ৰিজৰ্টৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাত অৰণ্যৰ কাষৰীয়া অঞ্চলৰ লগতে চাহ বাগিছা, গাঁও, পাহাৰ আদি অতিক্ৰম কৰি দৌৰবিদ সকলে অসমৰ সৌন্দৰ্যও উপভোগ কৰাৰ সুযোগ লাভ কৰিব। বিগত ১৩ নৱেম্বৰত গোলাঘাট জিলাৰ খুমটাইত ডেষ্টিনেশ্যন খুমটাইৰ অধীনত অনুষ্ঠিত ‘অনাই বনাই খুমটাই-খুমটাই মাৰাথান’ৰ সফলতাৰ পিছত ‘আদিয়ান’ৰ সৈতে মুম্বাইৰ ‘আনভাইন্স’ নামৰ প্ৰতিষ্ঠানটোৱে এই প্ৰতিযোগিতাখনিৰ আয়োজন কৰিছে। ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন নতুন দিল্লীৰ দৌৰবিদ কোচ ৰবীন্দৰে এই প্ৰতিযোগিতাখনি সঞ্চালন কৰিব। সম্প্ৰতি www.townscript.com নামৰ ৱেবছাইটোৰ জড়িয়তে ইয়াৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন চলি আছে যদিও আগ্ৰহী সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা, যোৰহাট, ডিব্ৰুগড় আৰু গোলাঘাট চহৰত অফলাইন ৰেজিষ্ট্ৰেশ্যনৰো ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে দেশৰ ভিন্ন প্ৰান্তত সম্প্ৰতি মাৰাথানৰ লগতে আল্ট্ৰা ৰাণৰ জনপ্ৰিয়তা যথেষ্ঠ বৃদ্ধি পাবলৈ ধৰিছে যদিও ৫২ কিলোমিটাৰৰ আল্ট্ৰা ৰাণ অসমত এয়াই প্ৰথম। এই প্ৰতিযোগিতাৰ আন এটা উদ্দেশ্য হৈছে অসমলৈ দেশৰ ভিন্ন প্ৰান্তৰ দৌৰবিদ সকলক আকৰ্ষিত কৰা। দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা দৌৰবিদ সকলে আল্ট্ৰা ৰাণত অংশগ্ৰহণৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাই যাতে পৰিভ্ৰমণ কৰি যাব পাৰে তাৰ বাবেও আয়োজক সকলে ব্যৱস্থা কৰিছে। প্ৰম’ ৰাণত অংশ লোৱা দৌৰবিদ সকলৰ মাজত লটাৰীৰ যোগেদি ২৫ জনক মূল অনুষ্ঠানৰ টি চাৰ্ট প্ৰদান কৰা হয়। সীমিত সময়ৰ বাবে বিশেষ ৰেহাই মূল্যত ‘ৰাণ ফৰ দ্য ৰাইনো’ প্ৰতিযোগিতাত অংশগ্ৰহণ সুবিধা প্ৰদান কৰি থকা হৈছে।