নিউজ ডেস্ক, ৫ মে’, ২০২৪ : বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ (Bangladesh Cricket Board) ১৫ বছৰৰ অনুৰ্দ্ধ দলৰ বিৰুদ্ধে হোৱা দ্বিতীয়খন তিনিদিনীয়া খেল তীব্ৰ প্ৰতিদ্বন্দিতাৰ মাজেৰে আজি ড্ৰ হিচাপে সামৰিছে অসমৰ ১৬ অনুৰ্দ্ধ দলে। বগুৰাৰ শ্বহীদ চান্দু ষ্টেডিয়ামত হোৱা খেলখনত টছত পৰাজিত ঘৰুৱা দলটোৱে পোনতে বেট ধৰিবলৈ ৬৪.৫ অভাৰত ১৬১ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়। প্ৰত্যুত্তৰত অসমে ১৫৭ ৰান সংগ্ৰহ কৰে।

তাৰ পিছত বাংলাদেশে দ্বিতীয় ইনিংছত ৯৪.৩ অভাৰত ২২৬ ৰান সংগ্ৰহেৰে প্ৰতিদ্বন্দিতা উন্মুক্ত কৰি তোলে। জয়ৰ বাবে প্ৰতিদ্বন্দিতামূলক লক্ষ্য সন্মুখত লৈ অসমৰ দলটোৱেও ধৈৰ্যৰ পৰিচয় দি ইনিংছ আগুৱাই নিয়াত ব্ৰতী হয়। নেতৃত্ব লয় ৯২ ৰানত অপৰাজিত থকা জুলিয়েন কোঁৱৰ আৰু ৭১ ৰানৰ দৃঢ়চেতা ইনিংছ খেলা অচ্যুত দাসে। প্ৰতিপক্ষৰহৈ আৰবাজ ইছলাম (২-৩১) আৰু জীৱন ৰহমানে গুৰুত্বপূৰ্ণ উইকেট পালেও তেওঁলোক দুজনে অন্তিম দিনৰ সামৰণিত ৫ উইকেটত ১৯০ ৰান সংগ্ৰহেৰে খেল ড্ৰলৈ আগুৱাই নিয়ে।

উল্লেখ্য প্ৰথমখন তিনিদিনীয়া খেলত অসম ৮ উইকেটত জয়ী হৈছিল আৰু সেইসূত্ৰে তেওঁলোকে দুখন খেলৰ ছিৰিজটোত ১-০।ত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰে। অসমৰ দলটোৱে এতিয়া বাংলাদেশৰ ১৫ অনুৰ্দ্ধ দলৰ বিৰুদ্ধে তিনিখন এদিনীয়া খেলত ভাগ লব। তিনিদিনীয়া খেলৰ ছিৰিজটোত বাংলাদেশৰ দলটোৰ সীমান্ত ৰয় ৰিংকুৱে অলৰাউন্ড দক্ষতাৰবাবে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে ।