গুৱাহাটী : এআইইউডিএফ দলৰ বিধায়ক চিৰাজুদ্দিন আজমল আৰু দলৰ সভাপতি বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ। চিৰাজুদ্দিন আজমল আৰু বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰিলে অসম জাতীয় পৰিষদে। অসমীয়া ভাষাক অপমান কৰা বাবেই ‘জয় আই অসম’ ধ্বনি দি অসম জাতীয় পৰিষদে দাহ কৰিলে এইআইইউডিএফ দলৰ দুই নেতাৰ প্ৰতিকৃতি।

এআইইউডিএফ দলৰ বিধায়ক চিৰাজুদ্দিন আজমল অসমীয়া ভাষাক অপমান কৰাকলৈ ক্ষোভিত হৈ পৰিছে আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ। শুকুৰবাৰে চিৰাজুদ্দিন আজমলৰ লগতে দলটোৰ সভাপতি বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰি অসম জাতীয় পৰিষদে এআইইউডিএফক অসমত অসমীয়া বিদ্বেষ নকলিব বুলি সকীয়াই দিয়ে। অসম জাতীয় পৰিষদৰ শতাধিক কর্মীয়ে এআইইউডিএফৰ দুই নেতাই প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে কয় “অসমীয়া ভাষা কবলৈ অস্বীকাৰ কৰা চিৰাজুদ্দিন আজমাল ইন্টাৰনেশ্যনল ইংৰাজী ভাষা কয়, ইন্টাৰনেশ্যনল মানুহৰ অসমত কি কাম। এইআইইউডিএফৰ দলৰ নেতা সকলৰ এনে ধৰণৰ মানসিকতাই সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰিছে। বদৰুদ্দিন আজমল আৰু এআইইউডিএফৰ নেতা সকলে বিজেপি দলৰ ইংগিত মৰ্মে অসমত সাম্প্ৰদায়িকতা আৰু মানুহৰ মাজত বিভেদ সৃষ্টি কৰাৰ বাবে উঠি পৰি লাগিছে।”

জীয়াউৰ ৰহমানে কয় যে ৰাজ্যসভা নিৰ্বাচনত এআইইউডিএফ ভোটত বিজেপি মিত্ৰজোঁটৰ দুগৰাকী প্ৰাৰ্থী ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে। ইয়াৰ পৰাই এইটো প্ৰমাণ হৈছে যে বিজেপি আৰু এআইইউডিএফ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। এআইইউডিএফ বিজেপিৰ এজেন্ট আৰু এআইইউডিএফে বিজেপি হৈ কাম কৰে বুলিও কয় অসম জাতীয় পৰিষদৰ মুখপাত্ৰ গৰাকীয়ে। অসমীয়া বিৰোধী কাৰ্যকলাপৰ পৰা এআইইউডিএফ আঁতৰি থাকিবলৈ দলটোক সকীয়াই দিয়ে অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জীয়াউৰ ৰহমানে।

ইফালে অসম জাতীয় পৰিষদৰ কর্মী সকলে বাদৰুদ্দিন আজমল মূর্দাবাদ, চিৰাজুদ্দিন আজমল মূর্দাবাদ, এআইইউডিএফ মূর্দাবাদ, অসমত অসমীয়া ভাষা কবই লাগিব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। জু ৰোডস্থিত অসম জাতীয় পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত ‘জয় আই অসম’ ধ্বনিৰে আকাশ বতাহ কঁপাই প্ৰতিবাদ সাব্যস্ত কৰি অসম জাতীয় পৰিষদৰ কর্মী সকলে এআইইউডিএফৰ চিৰাজুদ্দিন আজমল আৰু সভাপতি বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰে।