গুৱাহাটী : চৰম সাম্প্ৰদায়িক বক্তব্য প্ৰদানেৰে বিতৰ্কৰ সৃষ্টি কৰা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক (Badruddin Ajmal) অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে অসম জাতীয় পৰিষদে। দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এখন সংবাদ মেলৰ আয়োজন কৰি বদৰুদ্দিন আজমলক পুনৰ ‘অসমীয়া জাতিৰ শত্ৰু’ আখ্যায়িত কৰি, কয় যে এনে ব্যক্তিৰ স্থান কাৰাগাৰতেই হ’ব লাগে। কাৰাগাৰৰ বাহিৰত থাকিলে এনে ব্যক্তিয়ে সমাজত অধিক জুই জ্বলাই থাকিব।

গুৱাহাটীস্থিত নিজৰ বাসভৱনত আয়োজন কৰা সংবাদ মেলত লুৰীণজ্যোতি গগৈয়ে লগতে কয় যে বদৰুদ্দিন আজমলৰ বক্তব্য এটা ‘হেট স্পীচ্চ’ আছিল আৰু ‘হেট স্পীচ্চ’ দিয়া ব্যক্তিক তৎকালে গ্ৰেপ্তাৰ কৰিবলৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ে ইতিপূৰ্বে এটা নিৰ্দেশনা দি থৈছে। যোৱা ২২ অক্টোবৰ তাৰিখে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কে এম যোছেফ আৰু ঋষিকেশ ৰয়ৰ বিচাৰপীঠে ‘হেট স্পীচ্চ’ দিয়া ব্যক্তিক গোচৰ তৰালৈকে অপেক্ষা নকৰি পোনচাটেই গ্ৰেপ্তাৰ কৰিব লাগে বুলি এটা নিৰ্দেশনা দি থৈছে। আদালতে লগতে কয় যে যদি আৰক্ষীয়ে তেনে ব্যক্তিক তৎকালে গ্ৰেপ্তাৰ নকৰে তেনেহ’লে আৰক্ষীৰ বিৰুদ্ধে সেয়া আদালত অৱমাননা হিচাপে বিবেচিত হ’ব।

উচ্চতম ন্যায়ালয়ৰ উল্লিখিত নিৰ্দেশনাৰ প্ৰসংগ উল্লেখ কৰি বদৰুদ্দিন আজমলক তৎকালে গ্ৰেপ্তাৰৰ দাবী জনাই লুৰীণজ্যোতি গগৈয়ে লগতে কয় যে অসম জাতীয় পৰিষদৰ বিভিন্ন জিলা সমিতি আৰু ভাতৃ সংগঠনে ৰাজ্যৰ বিভিন্ন ঠাইত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এতিয়ালৈকে কমেও দহখন এজাহাৰ দাখিল কৰিছে। কাইলৈৰ ভিতৰত দলটোৱে ৰাজ্যৰ আটাইকেইখন জিলাত আজমলৰ বিৰুদ্ধে গোচৰ ৰুজো কৰিব। “গতিকে ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰীলৈ আমাৰ আহ্বান যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বদৰুদ্দিন আজমলক অবিলম্বে গ্ৰেপ্তাৰ কৰি আদালৰ মৰ্যাদা অক্ষুন্ন ৰাখক৷” বুলি কয় লুৰীণজ্যোতি গগৈয়ে।

আনহাতে, বদৰুদ্দিন আজমলে মূলতঃ গুজৰাটৰ নিৰ্বাচনত ব্যৱহাৰ কৰিবলৈ বিজেপিৰ হাতত এপাত অস্ত্ৰ তুলি দিবলৈ বিজেপিৰ শ্ৰুতলিপি অনুসৰিয়ে বিতৰ্কিত বক্তব্যটো প্ৰদান কৰা বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে বিগত বিধানসভা নিৰ্বাচনত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে আজমলে বিদেশৰ সন্ত্ৰাসবাদীৰ ধন লয় বুলি উল্লেখ কৰি নিৰ্বাচনৰ পিছত আজমলক গ্ৰেপ্তাৰ কৰা হ’ব বুলি কেইবাখনো ৰাজহুৱা সভাত প্ৰতিশ্ৰুতি দিছিল। কিন্তু চৰকাৰ গঠনৰ পিছত সেই প্ৰতিশ্ৰুতি পাহৰি গ’ল। ইয়াৰ পৰাই বদৰুদ্দিন আজমলৰ সৈতে বিজেপিৰ ভিতৰুৱা বুজাবুজি থকাৰ কথাটো স্পষ্ট হয় বুলি লুৰীণজ্যোতি গগৈয়ে উল্লেখ কৰে।

বদৰুদ্দিন আজমলে লগতে হিমন্ত বিশ্ব শৰ্মাক ভাৰতৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আৰু নৰেন্দ্ৰ মোদীৰ পিছত দ্বিতীয় সৰ্বাধিক জনপ্ৰিয় ব্যক্তি বুলি উল্লেখ কৰি তেওঁ কাৰ মানুহ বা কাৰ ইচাৰাত চলে, সেয়া স্পষ্টকৈ বুজাই দিয়া বুলিও লুৰীণজ্যোতি গগৈয়ে মত প্ৰকাশ কৰে। উল্লেখ্য যে ধুবুৰীৰ সাংসদ তথা এ আই ইউ ডি এফ দলৰ প্ৰধান বদৰুদ্দিন আজমলৰ এক বিতৰ্কিত মন্তব্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সমাজৰ সকলো স্তৰৰ লোকে বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্যক গৰিহণা দিছে।