নলবাৰী : প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আঁচনি আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত সজাগতা সভা। শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে নলবাৰী জিলাৰ প্ৰতিখন গাঁও পঞ্চায়তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা ৰাজহ বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা কৃষি বিভাগৰ সহযোগত বিশেষ গাঁও সভা সমূহত নলবাৰী জিলা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আঁচনি আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত আয়োজিত হোৱা সজাগতামূলক বিশেষ সভা সুকলমে অনুষ্ঠিত হয়।

২১ নং উত্তৰ ক্ষেত্ৰী ধৰ্মপুৰ গাঁও পঞ্চায়ত অনুষ্ঠিত হোৱা বিশেষ গাঁও সভাত নলবাৰী জিলাৰ জিলা উপায়ুক্ত গীতিমনি ফুকন উপস্থিত হৈ কৃষকৰ সৈতে মত বিনিময় কৰে। ৫০ নং কটপুহা কৰিয়া গাঁও পঞ্চায়ত অতিৰিক্ত জিলা উপায়ুক্ত ফিৰ্ডচ আলাম উপস্থিত থাকে। ৭ নং পূব বাহজানি আৰু ৪৭ নং উপৰ বৰভাগ গাঁও পঞ্চায়তত জিলা কৃষি বিষয়া যোগেশ্বৰ ৰাজ মেধিয়ে পি এম কিষাণ আৰু ফচল বীমা আঁচনি সম্পৰ্কে অৱগত কৰে। ইফালে ৫০ নং কটপুহা কৰিয়া, ৫১ নং মৰোৱা আৰু ৫২ নং বৰকুৰিহা গাঁও পঞ্চায়ত অনুষ্ঠিত বিশেষ গাঁও সভাত মহকুমা কৃষি বিষয়া মুনীন্দ্ৰ কুমাৰ শৰ্মা আৰু বিভিন্ন গাঁও পঞ্চায়ত সমূহত অনুষ্ঠিত সভা সমূহত কৃষি বিভাগৰ বিষয়া সকল উপস্থিত হৈ বিভাগীয় আঁচনি সমূহৰ বিষয়ে আলোচনা কৰে।

বিশেষকৈ পি এম কিষাণ আঁচনি আৰু ফচল বীমা যোজনা আঁচনি সম্পৰ্কে কৃষক ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হয়।ইয়াৰ উপৰিও ৰাজ্যজুৰি ১ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ চলি থকা চতুৰ্থ শস্য বীমা সপ্তাহ কাৰ্যসূচীত নলবাৰী জিলা কৃষি বিভাগ আৰু ৰিলায়ন্স জেনেৰেল ইন্সুৰেঞ্চ কোম্পানীৰ বিষয়ববিয়া সকলে বিশেষভাৱে সজাগতা সৃষ্টি কৰিছে। উল্লেখ্য যে নলবাৰী জিলা কৃষি বিভাগৰ উদ্যোগত “চতুৰ্থ শস্য বীমা সপ্তাহ কাৰ্যসূচীৰ জৰিয়তে কৃষক ৰাইজৰ মাজত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত সজাগতা সৃষ্টিৰ জৰিয়তে আঁচনিখনৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা হয়।

প্ৰতিখন গাঁও পঞ্চায়ততে ৰিলায়ন্স জেনেৰেল ইন্সুৰেঞ্চ কোম্পানীৰ প্ৰতিনিধিৰ লগতে অঞ্চলটোৰ কৃষি উন্নয়ন বিষয়া তথা বিভাগীয় অন্যান্য বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। বীমা কোম্পানীৰ প্ৰতিনিধি সকলে শস্য বীমা সম্পৰ্কে কৃষকক বিতংভাৱে অৱগত কৰে। কৃষি বিভাগৰ ফালৰ পৰা শস্য বীমাৰ ক্ষেত্ৰত যিকোনো সহায়ৰ বাবে প্ৰতিশ্ৰুতি দিয়ে কৃষক সকলক।