গুৱাহাটী, ৯ ছেপ্টেম্বৰ, ২০২৩ : পঞ্চায়ত আইন সংশোধনৰ জৰিয়তে ৰাজ্যৰ পঞ্চায়তী ব্যৱস্থাক বিজেপি (BJP) দলে কুক্ষিগত কৰিবলৈ প্ৰচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে৷ আঞ্চলিক দলটোৰ মতে, শুকুৰবাৰে ৰাজ্য কেবিনেটে (Cabinet) পঞ্চায়ত আইন সংশোধনৰ যিবোৰ প্ৰস্তাৱত অনুমোদন জনাইছে, সেয়া জনতাৰ হিতৰ বাবে নহয়, কেৱল বিজেপি দলৰ স্বাৰ্থৰ বাবেহে৷ ৰাজ্যত চলি থকা অধিষ্ঠানবিৰোধী ঢৌৰ পৰিপ্ৰেক্ষিতত বিজেপি দলে পঞ্চায়ত নিৰ্বাচনত মুখ থেকেছা খাব বুলি অনুমান কৰি আইনৰ কাৰছাজিৰে পঞ্চায়তসমূহ কুক্ষিগত কৰাৰ এয়া এক অভিসন্ধি বুলি জাতীয় পৰিষদে অভিযোগ কৰে৷

শনিবাৰে এখন সংবাদ মেলৰ আয়োজন কৰি অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য কেবিনেটে পঞ্চায়ত আইনৰ কিছু সংশোধনীত অনুমোদন জনাইছে৷ অসম বিধানসভাৰ আগন্তুক অধিৱেশনত উক্ত সংশোধনী বিধেয়ক উত্থাপন কৰা হ’ব৷ সেই মৰ্মে পঞ্চায়ত নিৰ্বাচনত বেলটৰ সলনি ই ভি এম ব্যৱহাৰ, জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত প্ৰাৰ্থীৰ ক্ষেত্ৰত দলীয় প্ৰতীক ব্যৱহাৰৰ বিপৰীতে পঞ্চায়ত সদস্যৰ ক্ষেত্ৰত প্ৰতীক ব্যৱস্থা বাতিল, গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ কাৰ্যকাল আঢ়ৈ বছৰ নোহোৱালৈকে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ আদি ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব৷ এই ব্যৱস্থা বৈষম্যমূলক৷ কিয়নো এই ব্যৱস্থাই পঞ্চায়তীৰাজ ব্যৱস্থাৰ মূল কাঠামোক দুৰ্বল কৰি পেলাব৷

জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয়, “আঢ়ৈ বছৰ নহ’লে অনাস্থা আনিব নোৱাৰা ব্যৱস্থাটো অদ্ভুত৷ কাৰণ যদি কোনোবা পঞ্চায়ত বা আঞ্চলিক সভাপতিয়ে দুৰ্নীতি কৰে বা অন্য সংবিধানবিৰোধী কাম কৰে, তেনেহ’লে তেওঁক আঁতৰাবলৈ বাকী সদস্যসকলে আঢ়ৈ বছৰ অপেক্ষা কৰিব লাগিব৷ তাৰ মানে সেই সভাপতিজনক আঢ়ৈ বছৰলৈকে দুৰ্নীতি কৰাৰ লাইছেন্স প্ৰদান কৰা হ’ল৷ একে নিৰ্বাচনতে কোনোবাই দলীয় প্ৰতীক চিহ্নত নিৰ্বাচন খেলিব আন কোনোবাই প্ৰতীকবিহীনভাৱে নিৰ্বাচন খেলিব, এয়া স্পষ্টভাৱে বৈষম্যমূলক৷ শিক্ষাগত অৰ্হতাৰ বিষয়টোও বৈষম্যমূলক৷”

আনহাতে পঞ্চায়ত নিৰ্বাচনত বেলট প্ৰত্যাহাৰ কৰি ই ভি এম প্ৰৱৰ্তনৰ বিৰেধিতা কৰি জগদীশ ভূঞাই কয় যে পঞ্চায়ত নিৰ্বাচন ৰাজ্যিক নিৰ্বাচন আয়োগে পৰিচালনা কৰে৷ ই ভি এম ব্যৱস্থা পৰিচালনাৰ পৰ্যাপ্ত দক্ষ্যতা ৰাজ্যিক নিৰ্বাচন আয়োগৰ নাই৷ গতিকে ই ভি এম ব্যৱস্থা প্ৰৱৰ্তন কৰিলে নিৰ্বাচন পৰিচালনাত খেলিমেলি হ’ব৷ তদুপৰি, পঞ্চায়ত আইন সংশোধনৰ দৰে জনতাৰ সৈতে পোনপটীয়াকৈ জড়িত বিষয় এটা সন্দৰ্ভত চৰকাৰে ইমান ডাঙৰ এটা সিদ্ধান্ত লওঁতে দল-সংগঠন তথা ৰাজহুৱা অনুষ্ঠানসমূহৰ সৈতে আলোচনা কৰি সকলোৰে মতামত লোৱাটো উচিত আছিল বুলি মত প্ৰকাশ কৰি জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে আচলতে বিজেপি দলৰ স্বাৰ্থ আগত ৰাখি চৰকাৰে পঞ্চায়ত আইন সংশোধন কৰিবলৈ লৈছে৷ প্ৰতীক চিহ্নবিহীন নিৰ্বাচন পাতি পিছত পঞ্চায়ত প্ৰতিনিধি ক্ৰয় কৰি যাতে নিজ দলৰ পঞ্চায়ত গঠন কৰিব পাৰি, তাৰ বাবেই এই ব্যৱস্থা কৰিবলৈ লোৱা হৈছে বুলিও ভূঞাই অভিযোগ কৰে৷