পৰ্বতঝোৰা, ৯ ছেপ্টেম্বৰ, ২০২৩ : নিশাৰ ভাগত বনাঞ্চলৰ পৰা ওলাই আহি তাণ্ডৱ চলায় জনাঞ্চলত। মানুহৰ ঘৰ ভাঙি, ভঁৰালৰ ধান খাই কৰে তহিলং। দীর্ঘদিন ধৰি অব্যাহত এই ধাৰা কিন্তু বন বিভাগৰ ইয়াক লৈ নাই কোনো ধৰণৰত গুৰুত্ব। উজাগৰে নিশা কটাবলৈ বাধ্য কেইবাখনো গাঁৱৰ ৰাইজ। বন বিভাগৰ (Forest Department) ওপৰত উজাৰিলে ক্ষোভ।

ৰাজ্যত ক্ৰমাৎ অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। বনাঞ্চল ধ্বংসৰ ভয়ংকৰ পৰিমাণ ভুগিছে মানুহে। ৰাজ্যৰ কেইবাখনো জিলাত দিনকদিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে প্ৰকৃতি প্ৰেমী সকল। বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত ৰোধ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে বন বিভাগ। এই সংঘাত ৰাজ্যৰ এক জ্বলন্ত সমস্যা হিচাপে গা কৰি উঠিছে।

ৰাজ্যৰ কেইবাখনো জিলাত প্ৰায়ে দেখিবলৈ পোৱা যায় বনৰীয়া আৰু মানুহৰ সংঘাত। বনৰীয়া হাতী আৰু মানুহৰ এই সংঘাতে কেতিয়াবা যদি প্ৰাণ হেৰুৱাইছে মানুহে, কেতিয়াবা আকৌ মৃত্যুৰ মুখত পৰিছে বনৰীয়া হাতী। শেহতীয়াকৈ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত ভয়াবহভাৱে বৃদ্ধি পাইছে বনৰীয়া হাতীৰ তাণ্ডৱ। শুকুৰবাৰে নিশা পুনৰ পৰ্বতঝোৰাত তাণ্ডৱ চলালে বনৰীয়া হাতীৰ জাকে।

শুকুৰবাৰে নিশা পৰ্বতঝোৰাৰ ফুলঝোৰা গাঁৱত বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলাই বিস্তৰ ক্ষতি সাধন কৰে। খাদ্যৰ সন্ধানত বিটিআৰৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আতংকৰ সৃষ্টি কৰে।গাঁওখনৰ কেবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভৰালৰ ধান খাই তহিলং কৰে বনৰীয়া হাতীৰ জাকে। বনৰীয়া হাতীৰ জাকটোৱে বাৰীৰ কেইবাডাল তামোল আৰু নাৰিকলৰ গছ ভাঙি থৈ যায়।

গাঁওবাসীয়ে দীর্ঘসময় ধৰি প্ৰচেষ্টা চলাই বনৰীয়া হাতীৰ জাকটোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয়। উল্লেখ্য যে, বিগত কিছুদিন ধৰি পৰ্বতঝোৰাৰ কেইবাখনো গাঁৱত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আহিছে। মঙলবাৰে (৫ ছেপ্টেম্বৰ) নিশাৰ ভাগত পৰ্বতঝোৰাৰ দ্বাৰচৌকা গাঁৱত কেইবাটাও পৰিয়ালৰ ঘৰ ভাঙিছিল বনৰীয়া হাতীৰ জাকে। পৰ্বতঝোৰা বন বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।