নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ, ২০২৩ : স্বাস্থ্য সেৱাৰ (Health Sector) ক্ষেত্ৰত অসম দেশৰ ভিতৰতে এখন উন্নত ৰাজ্য বুলি ঢাক ঢোল বজাই থকা চৰকাৰখনক তীব্ৰ সমালোচনা কৰিছে দেশৰ বিশিষ্ট অন্ধবিশ্বাস বিৰোধী নেতা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। অসম চৰকাৰৰ স্বাস্থ্য বিভাগে মানৱ অধিকাৰ উলঙ্ঘন কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ডঃ দিব্যজ্যোতি শইকীয়াই। বিশেষকৈ অসমত পূৰ্বৰ তুলনাত সৰ্প দংশনৰ ঘটনা আৰু হৃদৰোগ ব্যাপকভাৱে বৃদ্ধি পাইছে।

অসমত আন আন স্বাস্থ্যজণিত জৰুৰীকালীন সেৱাৰ লগতে সৰ্প দংশন আৰু হৃদৰোগৰ চিকিৎসা জৰুৰীকালীন চিকিৎসা ব্যৱস্থাৰ অন্তৰ্গত হোৱা উচিত যদিও দেশৰ স্বধীনতাৰ পইসত্তৰ বছৰ পিছতো বৰ্তমান অসমৰ স্বাস্থ্য খণ্ডৰ অৱস্থা পয়ালগা আৰু অতিকৈ শোচনীয় অৱস্থাত আছে। দেশৰ বিশিষ্ট অন্ধবিশ্বাস বিৰোধী নেতা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই গহপুৰৰ কনকলতা বৰুৱা মহকুমা অসামৰিক চিকিৎসালয়, বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয় আদি পৰিদৰ্শন কৰি এই চিকিৎসালয় সমূহৰ চিকিৎসা ব্যৱস্থাৰ বুজ লয়।

পৰিদৰ্শনকালত বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই কেওখন চিকিৎসালয়ৰ সোপা ঢিলা ব্যৱস্থাক তীক্ষ্ণভাৱে সমালোচনা কৰে। ডঃ দিব্যজ্যোতি শইকীয়াই গহপুৰ অসামৰিক চিকিৎসালয়ত ৩০ টা এন্টি স্নেক ভেনম প্ৰত্যক্ষ কৰে যদিও চিকিৎসালয়ৰ কৰ্তৃপক্ষই ডঃ দিব্যজ্যোতি শইকীয়াক অৱগত কৰে যে উক্ত চিকিৎসালয়ত উপযুক্ত চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ অভাৱৰ ফলত আজিলৈকে কোনো সৰ্প দংশনৰ ৰোগীক চিকিৎসা প্ৰদান কৰা হোৱা নাই। ইফালে বিশ্বনাথ অসামৰিক চিকিৎসালয় পৰিদৰ্শনকালত ডঃ দিব্যজ্যোতি শইকীয়া এক নাভূট নাশ্ৰুত পৰিস্থিতিৰ সন্মুখীন হয়। বিশ্বনাথ মহকুমা চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ জোনালী গগৈয়ে অসমত বিষধৰ সাপ নায়েই বুলি অদ্ভুত যুক্তি দৰ্শায়। কৰ্তৃপক্ষৰ মুখত এনে হাস্যকৰ টুলুঙা মন্তব্যত ডঃ দিব্যজ্যোতি শইকীয়া আচৰিত হৈ পৰে।

বিশ্বনাথ অসামৰিক চিকিৎসালয়ে সৰ্প দংশনৰ ৰোগীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰ কৰে। অসমৰ প্ৰায় প্ৰতিখন চিকিৎসালয়ৰ কেৱল মাত্ৰ ৰেফাৰ মানসিকতাৰ হতাশজনক প্ৰতিছবি। বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া তেজপুৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি হতস্তম্ভ হৈ পৰে। কাৰণ যিসমূহ চিকিৎসালয়ে এনে ধৰণৰ বৃহৎ বৃহৎ চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰ কৰে তেনে চিকিৎসা মহাবিদ্যালয়ত নাই কোনো হৃদৰোগ বিশেষজ্ঞ, নাই সৰ্প দংশনৰ ওপৰত পাৰদৰ্শিতা থকা কোনো প্ৰশিক্ষনপ্ৰাপ্ত চিকিৎসক তথা চিকিৎসাকৰ্মী। কেৱল দুখন বিছনাৰে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই চলাই আহিছে সৰ্প দংশনৰ দৰে জৰুৰীকালীন চিকিৎসা ব্যৱস্থা।

সমগ্ৰ বিষয়ৰ ওপৰত মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই অসম চৰকাৰৰ স্বাস্থ্য বিভাগে সাধাৰণ নাগৰিকৰ প্ৰতি কৰা এনে অৱহেলাক চূড়ান্তভাৱে মৌলিক অধিকাৰ তথা মানৱ অধিকাৰ উলঙ্ঘন কৰা বুলি মন্তব্য প্ৰকাশ কৰি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। মানৱ অধিকাৰ কৰ্মী গৰাকীয়ে অতি শীঘ্ৰে অসমৰ স্বাস্থ্য খণ্ডক অট্টালিকামুখী নহৈ সাধাৰণ নাগৰিকৰ বাবে ধনাত্মক দিশত কাম কৰিবলৈ আহ্বান জনায়।