গুৱাহাটী, ১৯ মে’ : অসমৰ চৰকাৰী চাকৰিত, বিশেষকৈ প্ৰাথমিক শিক্ষকৰ পদত বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দিয়াৰ সপক্ষত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উকালতি কৰাৰ অভিযোগ অসম জাতীয় পৰিষদৰ। গাদী ৰক্ষাৰ স্বাৰ্থত জাতীয় দায়িত্ব পাহৰি সুবিধাবাদৰ আশ্ৰয় লৈছে শিক্ষামন্ত্ৰীয়ে বুলি মন্তব্য প্ৰকাশ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক তীব্ৰ সমালোচনা জগদীশ ভূঞাৰ (Jagadish Bhuyan)।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই শুকুৰবাৰে (১৯ মে’) সংবাদ মাধ্যমৰ আগত কয় যে অসমৰ হিন্দী আৰু বাংলা মাধ্যমৰ বিদ্যালয়ৰ বাবে অসমৰ বাহিৰৰ প্ৰাৰ্থী কিয় আনিব লগা হ’ল, অসমৰ হিন্দী ভাষী আৰু বাংলা ভাষী স্থানীয় নিবনুৱাক নিযুক্তি দিয়াটোত কিয় প্ৰাধান্য দিয়া নহ’ল, শিক্ষামন্ত্ৰীয়ে এই প্ৰশ্নৰ উত্তৰ দিয়া উচিত৷ উল্লেখযোগ্য যে বহিৰাগত প্ৰাৰ্থীক অসমৰ চৰকাৰী বিদ্যালয়ত শিক্ষক হিচাপে নিযুক্তি দিয়াৰ পক্ষত যুক্তি দি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কালি কৈছিল যে বিহাৰ বা পশ্চিম বংগৰ পৰা অহা উক্ত প্ৰাৰ্থীসকলক ৰাজ্যৰ হিন্দী বা বাংলা ভাষাৰ বিদ্যালয়তহে নিযুক্তি দিয়া হ’ব৷

শিক্ষামন্ত্ৰী গৰাকীয়ে লগতে এই বুলিও কৈছিল যে ভাৰতৰ নাগৰিক হ’লে এখন ৰাজ্যৰ নাগৰিকে আন এখন ৰাজ্যত চাকৰি কৰাত একো সাংবিধানিক বাধা নাই৷ শিক্ষামন্ত্ৰী গৰাকীৰ উক্ত বক্তব্যক দায়িত্বহীন আখ্যা দি জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে কয়, “এখন ৰাজ্যৰ মানুহে আন এখন ৰাজ্যত চাকৰি কৰিব পাৰে৷ কিয় নোৱাৰিব৷ কিন্তু অসমৰ নিবনুৱা সকলৰ স্বাৰ্থত ৰাজ্যৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় সমূহত বা ৰাজ্য চৰকাৰৰ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ শ্রেণীৰ পদ সমূহত স্থানীয় নিবনুৱাৰ নিযুক্তিত অগ্ৰাধিকাৰ দিয়াটো অসম চৰকাৰৰ দায়িত্ব৷ কাৰণ অসম ৰাজ্যই ভয়াৱহ নিবনুৱা সমস্যাৰ বোজা বহন কৰিব পৰা নাই৷ আমাৰ ৰাজ্যত সংস্থাপনৰ পৰ্যাপ্ত সুবিধাও নাই৷ যি যৎসামান্য চৰকাৰী চাকৰি ওলায়, তাতো যদি বহিৰাগতই দখল দিয়ে, তেতিয়াহ’লে অসমৰ স্থানীয় নিবনুৱাসকল যাব ক’ত৷”

লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাৰ মতে, অসমৰ বাংলা আৰু হিন্দী ভাষাৰ বিদ্যালয়সমূহত নিযুক্তি দিবলৈ বহিৰাগত প্ৰাৰ্থীক আমদানি কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ স্থানীয় বাংলাভাষী বা হিন্দীভাষী নিবনুৱাৰ অধিকাৰ হৰণ কৰিছে৷ “অসমৰ হিন্দীভাষী আৰু বাংলাভাষী লোকৰ সন্তানে চাকৰি পাব নালাগে নেকি বা তেওঁলোক কেৱল বিজেপিৰ ভোট বেংক হৈয়ে থাকিব লাগে নেকি?” লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই প্ৰশ্ন কৰে৷

নেতাদ্বয়ে লগতে কয় যে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে মূলতঃ দিল্লীক সন্তুষ্ট কৰি নিজৰ চকী সুৰক্ষিত কৰিবলৈ এনেদৰে হিন্দী বলয়ৰ প্ৰাৰ্থীক অসমৰ চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ পথ মুকলি কৰিছে৷ মুখ্যমন্ত্ৰীৰ এই ৰাজনৈতিক সুবিধাবাদৰ প্ৰতি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে নিজৰ জাতীয় দায়বদ্ধতা পাহৰি মৌন সমৰ্থন আগবঢ়াইছে বুলি মন্তব্য প্ৰকাশ কৰি নেতাদ্বয়ে শিক্ষামন্ত্ৰীক তীব্র সমালোচনা কৰে ৷ শিক্ষামন্ত্ৰী গৰাকীৰ এনে সুবিধাবাদী চৰিত্ৰ দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই।