গুৱাহাটী, ১৯ মে’ : দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ মিনাক্ষী কাকতি কলিতা। সহকাৰী কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতাক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে। শুকুৰবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল সহকাৰী কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতাক (Minakshi Kakati Kalita)। পাঁচ দিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে।

উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা সহকাৰী কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতাক শুকুৰবাৰে (১৯ মে’) হাজিৰ কৰোৱা হয় আদালতত। দুৰ্নীতি নিবাৰক শাখাই আদলতৰ পৰা পাঁচ দিনৰ বাবে মিনাক্ষী কাকতি কলিতাক আৰক্ষীৰ জিম্মাত বিচাৰিছিল যদিও আদালতে মাত্ৰ দুদিনৰ বাবে দুৰ্নীতিগ্ৰস্ত সহকাৰী কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতাক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। আদালতে মিনাক্ষী কাকতি কলিতাৰ কবলৰ পৰা জব্দ কৰা ধনখিনিও আদালতত উপস্থাপন কৰিছিল।

বৃহস্পতিবাৰে (১৮ মে’) গুৱাহাটীৰ কৰ ভৱনত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে সহকাৰী কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতাক উৎকোচ লৈ থকা অৱস্থাত আটক কৰিছিল। ৪ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ হাতত আটক হোৱা সহকাৰী কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতাক পৰৱৰ্তী সময়ত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰি মিনাক্ষী কাকতি কলিতাৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৩৬/২০২৩ ইউ/এছ ৭(ক) নম্বৰত গোচৰ ৰুজু কৰিছিল।

গ্ৰেপ্তাৰৰ পিছতে দুৰ্নীতি নিবাৰক শাখাৰ দলে সহকাৰী কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতাৰ বাসগৃহত চলাইছিল অভিযান। মহানগৰীৰ ৰূপনগৰস্থিত মিনাক্ষী কাকতি কলিতাৰ বাসগৃহৰ পৰা দুৰ্নীতি নিবাৰক শাখাই জব্দ কৰিছিল ৬৫ লাখ টকা নগদ ধন। জিএছটিৰ কামৰ বাবে এজন লোকৰ পৰা সহকাৰী কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতাই উৎকোচ হিচাপে দাবী কৰিছিল ৮ হাজাৰ টকা। মিনাক্ষী কাকতি কলিতাই উৎকোচ দাবী কৰা লোকজন অভিযোগ লৈ কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ।

লোকজনৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে (১৮ মে’) দুৰ্নীতি নিবাৰক শাখাই জালত পেলাইছিল দুৰ্নীতিগ্ৰস্ত সহকাৰী কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতাক। উল্লেখ্য যে বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাই দুগৰাকী চৰকাৰী কৰ্মচাৰীক উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে আটক কৰিছিল। ইয়াৰে এগৰাকী হৈছে সহকাৰী কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতা আৰু অংগৰাকী হৈছে নগৰ বেৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল মহেন্দ্ৰ নাথ।