গুৱাহাটী, ১৮ মে’ : বৃহস্পতিবাৰে (১৮ মে’) হাত দাঙিলে দুগৰাকী চৰকাৰী কৰ্মচাৰীয়ে। লোভ চম্ভালিব নোৱাৰি হাত দাঙিলে দুগৰাকী চৰকাৰী কৰ্মচাৰীয়ে। লোভত পৰি পুনৰ জালত পৰিল দুগৰাকী চৰকাৰী কৰ্মচাৰী। উৎকোচ লোৱাৰ সময়তে হাতে-লোটে দুগৰাকী চৰকাৰী কৰ্মচাৰীক আটক কৰিলে দুৰ্নীতি নিবাৰক শাখাই (Two arrested while taking bribe)। ইয়াৰে এগৰাকী লাট মণ্ডল আৰু আনগৰাকী কৰ বিষয়া।

দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযানত (Anti Corruption Drive) ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী পৰিছে জালত। ইয়াৰ পিছতো একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে এৰা নাই দুৰ্নীতিৰে ধন ঘটাৰ সহজ পথ। ধনৰ লোভ চম্ভালিব নোৱাৰি দুৰ্নীতিৰে ধন ঘটিবলৈ গৈ পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুগৰাকী দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী-বিষয়া।

দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা এগৰাকী চৰকাৰী কৰ্মচাৰী হৈছে কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মাণ্ডল মহেন্দ্ৰ নাথ। ভূমিৰ পাট্টাৰ বিনিয়ামত নগৰবেৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল মহেন্দ্ৰ নাথে এজনৰ লোকৰ পৰা ৫ হাজাৰ টকা উৎকোচ দাবী কৰিছিল। পৰৱৰ্তী সময়ত ৪ হাজাৰ টকালৈ হ্ৰাস পাইছিল উৎকোচৰ ধন। লাট মণ্ডল মহেন্দ্ৰ নাথে উৎকোচ দাবী কৰা লোকজনে উৎকোচ দিয়াৰ পৰিবৰ্তে কাষ চাপে দুৰ্নীতি নিবাৰক শাখাৰ।

বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাই মহেন্দ্ৰ নাথক হাতে-লোটে আটক কৰিবলৈ জাল পেলায়। নগৰবেৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত লাট মণ্ডল মহেন্দ্ৰ নাথ ৪ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে লাট মণ্ডল মহেন্দ্ৰ নাথক আটক কৰে। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে মহেন্দ্ৰ নাথৰ কবলৰ পৰা উৎকোচৰ ৪ হাজাৰ টকাৰ লগতে অতিৰিক্ত ১৭ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে।

এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৩৫/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থা অব্যাহত আছে। আনফালে কৰ ভৱনত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই আটক কৰে এগৰাকী দুৰ্নীতিগ্ৰস্ত কৰ বিষয়াক। মিনাক্ষী কাকতি কলিতা নামৰ কৰ বিষয়া গৰাকীক ৪ হাজাৰ টকা উৎকোচৰ ধনসহ হাতে-লোটে আটক কৰে দুৰ্নীতি নিবাৰক শাখাই।

কৰ বিষয়া মিনাক্ষী কাকতি কলিতাই এজন লোকে পৰা অনলাইন জি এছ টিৰ বাবে ১০ হাজাৰ টকা উৎকোচ দাবী কৰিছিল। পৰৱৰ্তী সময়ত এই উৎকোচৰ ৮ হাজাৰলৈ হ্ৰাস পায়। বৃহস্পতিবাৰে ৪ হাজাৰ টকাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ পৰে মিনাক্ষী কাকতি কলিতা। এই সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৩৬/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰি প্ৰয়োজনীয় আইনী ব্যৱস্থা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই।