গুৱাহাটী : সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে আগন্তুক দুটা দশকৰ বাবে খিলঞ্জীয়াক সুৰক্ষা দিয়াৰ কথা ঘোষণা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উক্ত বক্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে (Assam Jatiya Parishad)। দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয়, “বিজেপি চৰকাৰে গ্ৰহণ কৰা নীতি আৰু কাম-কাজৰ ফলত যে অসমীয়া জাতিটো বৰ বেছি দুটা দশকলৈ জীয়াই থাকিব, সেই কথা কালি নিৰ্লজ্জভাৱে স্বীকাৰ কৰি লৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে। কাৰণ তেখেতে স্পষ্টভাৱে কৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে অহা দুটা দশকলৈ সুৰক্ষিত হৈ থাকিব অসমীয়া জাতি।”

জাতীয় পৰিষদৰ মতে, অসমৰ খিলঞ্জীয়া মানুহ চিৰদিনৰ বাবে সুৰক্ষিত হ’ব লাগিব। চৰকাৰ এখনৰ এইটো মূল দায়িত্ব। বিজেপি দলে জাতি-মাটি-ভেটি সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ আহিছিল। গতিকে তেওঁলোকৰ দায়িত্ব এই ক্ষেত্ৰত অধিক। কিন্তু তাকে নকৰি চৰকাৰখনে খিলঞ্জীয়াবিৰোধী স্থিতি গ্ৰহণ কৰি আহিছে। এনে প্ৰেক্ষাপটত মুখ্যমন্ত্ৰীয়ে কালি আগবঢ়োৱা বক্তব্য বৰ তাৎপর্য্যপূর্ণ। উল্লেখযোগ্য যে কালি বছৰৰ প্ৰথম দিনটোত, নৱবৰ্ষ উপলক্ষে সাংবাদিকসকলক সম্বোধন কৰি আগবঢ়োৱা বক্তব্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমষ্টি পুনৰ নিৰ্ধাৰণে অহা দুটা দশকৰ বাবে অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব বুলি মত প্ৰকাশ কৰিছিল।

মুখ্যমন্ত্ৰীৰ উক্ত বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই কয়, “বিজেপি চৰকাৰৰ আগ্ৰাসী নীতিৰ ফলত অসমৰ ভাষা-সংস্কৃতি বিপন্ন হৈছে আৰু যি হাৰে অসমীয়াভাষী লোকৰ সংখ্যা হ্ৰাস পাই আহিছে, সেই হিচাপত আগন্তুক দুটা দশকলৈকেহে অসমীয়া জাতি অসমৰ মাটিত সংখ্যাগুৰু হৈ থাকিব, এই কথা আমি আৰম্ভণিৰ পৰাই কৈ আহিছো। নৱবৰ্ষ উপলক্ষে আগবঢ়োৱা বক্তব্যৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে এই কথা নিৰ্লজ্জভাৱে স্বীকাৰ কৰি লৈছে। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা এইটো স্পষ্ট হৈছে যে তেওঁ মাত্ৰ দুটা দশকহে জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ চিন্তা কৰিছে।”

নিজে মুখ্যমন্ত্ৰী হৈ থকাৰ স্বাৰ্থততে মুখ্যমন্ত্ৰীয়ে এনেদৰে বিজেপি-আৰ এছ এছৰ জাতিধ্বংসী নীতিকমানি লৈ মাত্ৰ দুটা দশকৰ চিন্তা কৰা বুলি উল্লেখ কৰি জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে কয় যে জাতিৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ হ’লে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ পৰামৰ্শ দিবলৈ গঠিত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠিত কমিটীৰ প্ৰতিবেদন কাৰ্যকৰী কৰিব লাগিব। কিন্তু আজিলৈ চৰকাৰে উক্ত প্ৰতিবেদন গ্ৰহণেই কৰা নাই। প্ৰতিবেদন গ্ৰহণ কৰি সেয়া সংসদৰ দ্বাৰা অনুমোদন কৰাই নোলোৱালৈকে প্ৰতিবেদনখনে আইনগত বৈধতা নাপায়। প্ৰতিবেদনখনক আইনগত বৈধতা প্ৰদান কৰি তাৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰিলেহে জাতিৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত হ’ব  কিন্তু মুখ্যমন্ত্ৰীয়ে একমাত্ৰ নিজৰ ৰাজনৈতিক স্বাৰ্থত উক্ত প্ৰতিবেদনখন আজিলৈকে চৰকাৰীভাৱে গ্ৰহণ কৰাৰ ব্যৱস্থা হাতত লোৱা নাই। এনে অৱস্থাত জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ প্ৰত্যাশা এক অবান্তৰ প্ৰত্যাশাহে মাথোন।

লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই লগতে কয় যে দলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা নকৰে কাৰণ ই এটা সাংবিধানিক প্ৰক্ৰিয়া। কিন্তু এই প্ৰক্ৰিয়া ৰাজনীতিৰ ঊর্ধত হ’ব লাগিব। কিন্তু মুখ্যমন্ত্ৰীয়ে ‘আমি ৰাজনীতি কৰা নাই’ বুলি কৈয়ো বিষয়টোক লৈ সম্পূৰ্ণ ৰাজনীতি কৰিছে আৰু নিজ দলৰ স্বাৰ্থৰ অনুকূলে কাম কৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে জাতিৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ হ’লে অসম চুক্তিত ৬ নং দফাত উল্লেখ কৰা ‘অসমীয়াৰ সাংবিধানিক, বৈধানিক আৰু প্ৰশাসনীয় সুৰক্ষা’ৰ বিষয়টো নিশ্চিত কৰিব লাগিব। তাৰ বাবে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন চৰকাৰে গ্ৰহণ কৰি তাক আইনী বৈধতা প্ৰদানেৰে সেয়া কাৰ্যকৰী কৰিব লাগিব। গতিকে এই দিশত ইতিবাচক পদক্ষেপ আগবঢ়াবলৈ মুখ্যমন্ত্ৰীক জাতীয় পৰিষদৰ নেতাদ্বয়ে আহ্বান জনায়।