গুৱাহাটী, ১০ ছেপ্টেম্বৰ, ২০২৩ : অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) পৰিয়ালৰ নাম পুনৰ আন এক ভূমি কেলেংকাৰীৰ সৈতে সাঙোৰ খাই পৰাৰ অভিযোগ৷ এইবাৰ ৫০ বিঘাতকৈ অধিক কৃষি ভূমি ক্ৰয় কৰাৰ পিছত চৰকাৰী প্ৰভাৱ খটুৱাই সেয়া ঔদ্যোগিক ভূমিলৈ শ্ৰেণী প্ৰৱৰ্তন আৰু তাৰ পিছত সেই ভূমিতে খাদ্য সংসাধন উদ্যোগ স্থাপন কৰা দেখুৱাই কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজ সাহায্য আদায় কৰাৰ অভিযোগ উঠিছে৷

এটা ৱেব নিউজ পোৰ্টেলত তথ্য সহকাৰে এই বাতৰিটো প্ৰকাশ পোৱাৰ পিছত অসম জাতীয় পকিষদে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু এই অভিযোগৰ ন্যায়িক তদন্ত দাবী কৰে৷ উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মাই ২০২১ চনত ডঃ হিমন্ত শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতে কলিয়াবৰ মহকুমাৰ বৰভগীয়া মৌজাৰ অন্তৰ্গত দাৰগাজি গাঁৱত ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষি ভূমি ক্ৰয় কৰি মাত্ৰ এমাহৰ ভিতৰতে সেয়া ঔদ্যোগিক ভূমিলৈ শ্ৰেণী পৰিৱৰ্তন কৰি তাৰ পিছতে প্ৰধানমন্ত্ৰীৰ কৃষি সম্পদ যোজনা আঁচনিৰ অধীনত খাদ্য সংসাধন উদ্যোগ প্ৰতিষ্ঠাৰ নামত কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজ সাহায্য আদায় কৰা বুলি জনপ্ৰিয় ৱেব নিউজ পোৰ্টেল ‘দ্য ক্ৰছ কাৰেন্টে’ এটা অনুসন্ধানমূলক বাতৰিত প্ৰকাশ কৰিছে৷

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিবৃতিযোগে উক্ত ভূমি কেলেংকাৰী আৰু চৰকাৰী ৰাজ সাহায্য লাভৰ বিষয়টোৰ উচ্চ স্তৰীয় ন্যায়িক তদন্তৰ লগতে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ তথ্য ৰাজহুৱা কৰিবলৈ দাবী জনায়৷ বিবৃতিটোত জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে সততে দুৰ্নীতি-অনিয়মৰ তথ্য উন্মোচিত হোৱাটো দুৰ্ভাগ্যজনক৷

দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীল নীতি ঘোষণা কৰা আৰু সততে দুৰ্নীতিবিৰোধী নীতিবাক্য আওৰাই থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ দুৰ্নীতি প্ৰতিৰোধত ব্যৰ্থ হোৱাই নহয়, স্বয়ং চৰকাৰখনেই দুৰ্নীতি-অনিয়মৰ কেন্দ্ৰ হৈ পৰিছে, উক্ত ঘটনাই তাৰ প্ৰমাণ বুলি কয় নেতাদ্বায়েলুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই কয় যে এই অভিযোগৰ গুৰুত্ব আৰু অধিক গুৰুতৰ কৰি তোলা কথাটো হ’ল কৃষকক সহায়ৰ বাবে প্ৰস্তুত কৰা প্ৰধানমন্ত্ৰী কৃষক সম্পদ আঁচনিৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাই লাভৱান হোৱাৰ তথ্য ৰাজহুৱা হৈছে৷

ইয়াৰ ফলত চৰকাৰৰ উচ্চতম পৰ্যায়ত স্বচ্ছতা আৰু জবাবদিহিতাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীৰ সততা আৰু নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিব পৰা পৰিৱেশৰ সৃষ্টি হৈছে৷ গতিকে বিষয়টোৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তত্বাৱধানত ন্যায়িক তদন্ত কৰোৱাৰ লগতে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰিবলৈ জাতীয় পৰিষদে দাবী উত্থাপন কৰে৷