গোৱালপাৰা, ১০ ছেপ্টেম্বৰ, ২০২৩ : এক ভয়ংকৰ পথ দুর্ঘটনাত প্ৰাণ হেৰুৱালে দুজনকৈ যুৱক (Two Youth Killed)। নিশা অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত যুৱক দুজন। নিশা মটৰ চাইকেলেৰে ঘৰলৈ গৈ থকা অৱস্থাত অচিনাক্ত বাহনে খুন্দিয়াই যায়। আৰক্ষীয়ে যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে চিকিৎসালয়লৈ।

গোৱালপাৰা জিলাত শনিবাৰে (৯ ছেপ্টেম্বৰ) নিশাৰ ভাগত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনকৈ যুৱক নিহত হয়। নিশা মটৰ চাইকেলেৰে ঘৰলৈ গৈ থকা অৱস্থাত অচিনাক্ত বাহন এখনৰ খুন্দাত থিতাতে নিহত হয় যুৱক দুজন। নিহত যুৱক দুজন অনন্ত ৰাভা আৰু বিকাশ ৰাভা বুলি চিনাক্ত কৰা হৈছে। পথ দুর্ঘটনাত থিতাতে নিহত হোৱা যুৱক দুজনৰ ঘৰ মেঘালয়ৰ উত্তৰ গাৰো পাহাৰৰ থাপানদাগিৰীত।

গোৱালপাৰা জিলাৰ ধূপধৰাৰ দেওশিলাত সংগঠিত হোৱা পথ দুৰ্ঘটনাত নিহত হয় চুবুৰীয়া ৰাজ্য মেঘালয়ৰ যুৱক দুজন। নিশা প্ৰায় ১১ মান বজাত যুৱক দুজন ধূপধৰাৰ পৰা মটৰ চাইকেলেৰে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ উত্তৰ গাৰো পাহাৰৰ মেন্দিপথাৰ থাপানদাগিৰিস্থিত বাসগৃহলৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা অচিনাক্ত বাহন এখন মটৰ চাইকেলত খুন্দা মাৰত যুৱক দুজন থিতাতে নিহত হয়।

দুর্ঘটনা সংঘটিত কৰি অচিনাক্ত বাহনখন দুর্ঘটনাস্থলীৰ পৰা পলায়ন কৰে। নিহত অনন্ত ৰাভা আৰু বিকাশ ৰাভা নামৰ যুৱক দুজনৰ মটৰ চাইকেলখনৰ নম্বৰ এএছ-০১-এফএন-৭৭৪৬ বুলি জানিব পৰা গৈছে। দুর্ঘটনাৰ খবৰ পাই নিশাই দুর্ঘটনাস্থলীত ধূপধৰা আৰক্ষীৰ এটা দল উপস্থিত হৈ নিহত যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনা সংগঠিত কৰি পলায়ন কৰা অচিনাক্ত বাহনখনৰ সন্ধানত ধূপধৰা আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কোনোধৰণ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ধূপধৰা আৰক্ষীয়ে। ভয়ংকৰ পথ দুর্ঘটনাত দুজনকৈ যুৱক নিহত হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। উল্লেখ্য যে গোৱালপাৰা জিলাৰ ধূপধৰা অঞ্চলত নিশাৰ ভাগত প্ৰায় দুর্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়।