গুৱাহাটী : নিমাতিঘাটত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাত উদ্বেগ আৰু দুখ প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে যিসকল লোক সন্ধানহীন হৈ আছে, তেওঁলোকক উদ্ধাৰৰ ক্ষেত্ৰত যাতে কোনো ত্ৰুটি ৰৈ নাযায় চৰকাৰে সেইটো নিশ্চিত কৰা উচিত৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথিৰ দিনাই মহাপুৰুষীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ লোক এই দুৰ্ঘটনাৰ বলি হ’বলগীয়া হোৱাটো অতিকৈ দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে অসম জাতীয় পৰিষদৰ নেতাদ্বয়ে। মাজুলী আৰু যোৰহাটৰ মাজত এখন দলং থকা হ’লে এই মৰ্মান্তিক ঘটনাটো সংঘটিত নহ’লহেতেন বুলি উল্লেখ কৰি নেতাদ্বয়ে কয় যে আভ্যন্তৰীণ জলপৰিবহন বিভাগে ফেৰীসেৱাৰ বিধি উপযুক্তভাৱে বলৱৎ আৰু নিৰীক্ষণ নকৰাৰ ফলত যে এই ঘটনা সংঘটিত হ’বলৈ পালে সেয়া স্পষ্ট৷

অসম জাতীয় পৰিষদৰ নেতাদ্বয়ে লগতে কয় যে চৰকাৰী অৱহেলাৰ বাবেই সংঘটিত হোৱা এনে দুৰ্ঘটনা এয়া প্ৰথম নহয়৷ সময়ে সময়ে ৰাইজে বিভাগীয় অৱহেলা আৰু দায়িত্বহীনতা আঙুলিয়াই দি অহাৰ পিছতো চৰকাৰে শিক্ষা গ্ৰহণ নকৰিলে৷ এনে দায়িত্বীনতাৰ দায়ৰ পৰা বিভাগীয় মন্ত্ৰীগৰাকীও মুক্ত নহয়৷ সেয়ে উদ্ধাৰ অভিযানৰ পিছত আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধেও কৰ্তব্যত গাফিলতি কৰাৰ বাবে বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি নেতাদ্বয়ে দাবী উত্থাপন কৰে৷

ইফালে ফেৰী দুৰ্ঘটনাৰ পিছতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে আভ্যন্তৰীন জলপৰিবহন বিভাগৰ তিনি বিষয়াক নিলম্বিত কৰে। বৰ্তমানলৈকে এই দুৰ্ঘটনাত এটি শিশুসহ চাৰিজনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। এতিয়াও বহু লোক ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হৈ থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। সন্ধানহীন হৈ থকা লোক সকলক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত আছে।