গুৱাহাটী, ৯ জুলাই ২০২৩ : এটাৰ পিছত এটাকৈ চৰকাৰী ভৱন ধ্বংস কৰি নতুন নিৰ্মাণেৰে ৰাজকোষৰ শৰাধ আৰম্ভ কৰা ৰাজ্য চৰকাৰৰ (State Government) এনে অপ্ৰয়োজনীয় বিলাসিতাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে৷ নৱগঠিত জাতীয়তাবাদী আঞ্চলিক দলটোৰ মতে, যিসময়ত ঋণৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্যৰ অৰ্থনীতিৰ চকৰি ঘুৰিছে, তেনে সময়ত মিতব্যয়িতাৰ নীতি গ্ৰহণৰ সলনি ৰাজ্য চৰকাৰে অপ্ৰয়োজনীয় তথা বিলাসিতামূলক নিৰ্মাণ কাৰ্যৰে ৰাজকোষৰ ওপৰত মাধমাৰ সোধাইছে৷ চৰকাৰৰ এই নীতি অব্যাহত থাকিলে অসমখন দেওলীয়া হ’বলৈ বৰ বেছি দিন নালাগিব বুলি অনুভৱ কৰে আঞ্চলিক দলটোৱে৷

দেওবাৰে (৯ জুলাই) এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূ্ঞাই কয় যে কামৰূপ (মহানগৰ) জিলা উপায়ুক্তৰ আটকধুনীয়া কাৰ্যালয় ভৱনটো অপ্ৰয়োজনীয়ভাৱে ভাঙি সেই ভৱনটো নিৰ্মাণৰ দায়িত্ব ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগে বহিৰাগত নিৰমাণকাৰী প্ৰতিষ্ঠানৰ হাতত অৰ্পন কৰিছে৷ একেদৰে মাত্ৰ দহ বছৰ পূৰ্বে উদ্বোধন কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভৱনটো ভাঙি আমিনগাঁৱত নতুনকৈ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে৷ ৰবীন্দ্ৰ ভৱন, হোটেল ব্ৰহ্মপুত্ৰ অশোক আদি ভৱনকেইটাও পুৰণি ভৱন ভাঙি নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে৷ তাৰমাজতে এতিয়া নতুনকৈ গুৱাহাটী জিলা পুথিভঁৰালটো ভাঙিবলৈ যোঁ-জা কৰি আছে৷ অথচ কাৰিকৰীভাৱে বহাল তবিয়তে থকা উক্ত ভৱনকেইটা ভঙাৰ কোনো প্ৰয়োজনেই নাছিল৷ উক্ত প্ৰায় আটাইকেইটা ভৱন ভঙা-গঢ়া কৰাৰ বিষয়ত জনমত চৰকাৰৰ বিপক্ষে আছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভৱন ভঙাৰ বিৰুদ্ধে স্বয়ং বাৰ এছ’ছিয়েচনে বিৰোধিতা কৰিছে আৰু আইনজীৱীসকলে উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচীও পালন কৰিছে৷ কিন্তু তাৰ পিছতো কি কাৰণত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উক্ত ভৱনকেইটা ভঙা আৰু গঢ়াত আঁকোৰগোজ স্থিতি লৈ আছে সেয়া ৰহস্যজনক৷

অসম জাতীয় পৰিষদৰ নেতাদ্বয়ে বিবৃতিটোত কয় যে বিজেপি দলৰে পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰখন আছিল উৎসৱমুখী চৰকাৰ৷ সকলোতে কেৱল উৎসৱৰ আয়োজনেৰে চৰকাৰখনে ৰাজকোষৰ ধনৰ শৰাধ কৰিছিল৷ কিন্তু ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনে উৎসৱৰ সমান্তৰালকৈ নিৰ্মাণমুখী কাম-কাজতো হাত উজান দিছে৷ য’তে ত’তে আৰু যধে মধে নিৰ্মাণৰ সূচনা কৰাৰ অন্তৰালত কমিচনৰ অংক জড়িত হৈ থকাৰ অভিযোগৰ প্ৰসংগ উত্থাপন কৰি লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই কয় যে বিকাশৰ ক্ষেত্ৰত নিৰ্মাণমুখী কাম-কাজৰ প্ৰয়োজন আছে ঠিকেই, কিন্তু যি সময়ত ৰাজ্যখন ১ লাখ ৪২ হাজাৰ কোটি টকাৰ ঋণৰ বোজাত ককবকাই আছে, যি সময়ত ৰাজ্য চৰকাৰখনে নিজা ৰাজহ আহৰণৰ পৰা চৰকাৰী কৰ্মচাৰীৰ মাত্ৰ ৭ মাহৰহে দৰমহা আদায় দিব পাৰে, যি সময়ত ৫১ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে নিয়মীয়া দৰমহা পাই থকা নাই, যি সময়ত চৰকাৰী ঠিকাদাৰসকলৰ ৩৫ হাজাৰ কোটিতকৈ অধিক টকা অনাদায় হৈ আছে, আৰু যি সময়ত শিক্ষা, স্বাস্থ্য আদি বিভিন্ন বিভাগৰ অস্থায়ী বা ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি একমাত্ৰ ধনৰ অভাৱৰ বাবেই নিয়মীয়াকৰণ কৰিব পৰা হোৱা নাই, তেনে সময়ত অপ্ৰয়োজনীয় নিৰ্মাণত প্ৰধান্য নিদি ৰাজ্য চৰকাৰখনে মিতব্যয়িতাৰ পথ গ্ৰহণৰ প্ৰয়োজন আছিল৷

“ৰাজ্য চৰকাৰে নিজা ৰাজহ উৎসৰ পৰা সংগৃহীত ধনেৰে অসমৰ প্ৰায় ৫ লাখ চৰকাৰী কৰ্মচাৰীৰ মাত্ৰ ৭ মাহৰহে দৰমহা আদায় দিব পাৰে৷ বছৰৰ বাকী ৫ মাহৰ দৰমহাৰ ধনৰ বাবে কেন্দ্ৰীয় কৰৰ অংশৰ বাবে অপেক্ষা কৰিবলগীয়া হয়৷ কেন্দ্ৰীয় চৰকাৰেও ইতিমধ্যে জি এছ টিৰ ৰাজ্যিক অংশৰ ধন উভতাই দিয়াটো বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ এনেয়েও নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে ২০১৫ চনতে অসমৰ বিশেষ ৰাজ্যৰ মর্যাদা কৰ্তন কৰাৰ ফলত আৰ্থিভাৱে আমাৰ ৰাজ্যখন ভীষণ লোকচানৰ মুখত পৰিছে৷ এনে অৱস্থাত কেন্দ্ৰীয় চৰকাৰে জি এছ টিৰ ৰাজ্যিক অংশ বন্ধ কৰাৰ সিদ্ধান্ত অসমৰ ক্ষেত্ৰতো কাৰ্যকৰী কৰি দিলে চৰকাৰী কৰ্মচাৰীক নিয়মীয়া আদায় দিয়াটো সম্ভৱপৰ নহ’বগৈ৷ গতিকে ৰাজ্য চৰকাৰৰ বাবে মিতব্যয়ী হোৱাৰ বিকল্প নাই৷’’ লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই কয়৷

অসম জাতীয় পৰিষদৰ নেতাদ্বয়ে লগতে কয় যে সকলো নিৰ্মাণকাৰ্য মুখ্যমন্ত্ৰীৰ অধীনস্থ লোকনিৰ্মাণ বিভাগৰ অধীনতে হোৱাটোও আন এক ৰহস্যৰ বিষয়৷ কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্তৰ কাৰ্যালয় ভৱনটো ভাঙোতে মুখ্যমন্ত্ৰীয়ে নিজে উপস্থিত হৈ হাতুৰীৰে কোবাই ধ্বংস কাৰ্যৰ উদ্বোধন কৰাৰ দৰে নজিৰ বিহীন ঘটনা সংঘটিত কৰাৰ পিছত চৰকাৰখনে এতিয়া ধ্বংসকো এটা উৎসৱলৈ পৰ্যবসিত কৰিলে৷ এনে মানসিকতাই মুখ্যমন্ত্ৰগৰাকীৰ এখন ধ্বংসকামী প্ৰতিচ্ছবিহে প্ৰকট কৰি তুলিছে৷ মুখ্যমন্ত্ৰীৰ এনে ধৰণৰ একপক্ষীয় আৰু আঁকোৰগোজ কাম-কাজে ৰাইজৰ মনত নানান সন্দেহৰ উদ্ৰেক কৰিছে বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই কয় যে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু জিলা পুথিভঁৰালৰ ভৱন ধ্বংস কৰাৰ নতুন সিদ্ধান্ত ৰাজ্য চৰকাৰে তৎকালে প্ৰত্যাহাৰ কৰা উচিত৷ ৰাজ্যৰ অৰ্থীনতিৰ ভেটি অক্ষুন্ন ৰখাৰ স্বাৰ্থত অপ্ৰয়োজনীয় আৰু বিলাসী নিৰ্মাণ অভিযান বন্ধ ৰাখিবলৈ নেতাদ্বয়ে চৰকাৰক আহ্বান জনায়৷