উমৰাংচু, ৮ জুলাই, ২০২৩ : উমৰাংচুত (Umrangsu) আয়োজন কৰা হয় অসম সত্ৰ মহাসভাৰ সাতদিনীয়া কৰ্মশালা। অসম সত্ৰ মহাসভাৰ কৰ্মশালাক আদৰণীয় পদক্ষেপ বুলি অভিহিত কৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক তথা মানৱ অধিকাৰ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

পাহাৰীয়া জিলা ডিমা হাচাওৰ উমৰাংচুস্থিত নেপক’ৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ সহযোগত অসম সত্ৰ মহাসভাই সত্ৰীয়া সংগীত (গীত-বাদ্য-নৃত্য)ৰ এক সাতদিনীয়া কৰ্মশালাৰ আয়োজন কৰে। এই কৰ্মশালাৰ উদ্বোধন কৰে মৰিগাঁও জিলাৰ শ্ৰীশ্ৰী কালশিলা সত্ৰৰ সত্ৰাধিকাৰ তথা অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান, কুসুম কুমাৰ মহন্তই।

উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই কয় যে আমি অসম তথা ভাৰতবৰ্ষৰ লগতে বিশ্বৰ প্রতিটো প্ৰান্তলৈ শ্ৰীমন্ত শংকৰদেৱৰ আদর্শ আৰু উদাৰ সত্ৰীয়া সংস্কৃতি বিলাই দিবৰ বাবে ব্যাপক কাৰ্যসূচী ৰূপায়ন কৰি আহিছোঁ। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নেপক’ৰ উপ-মহাপ্ৰবন্ধক অভিজিত কলিতা। বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অধ্যক্ষৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু কেইগৰাকী স্থানীয় বিশিষ্ট ব্যক্তি।

কৰ্মশালাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম সত্ৰ মহাসভাৰ সাংস্কৃতিক সম্পাদক কৃষ্ণ গোস্বামীৰ লগতে গায়ন (বৰগীত)ত কুন্দন বৰা, নৃত্যত অধ্যাপক গোবিন্দ শইকীয়া আৰু বাদন (খোল)ত অম্লানজ্যোতি দেৱ গোস্বামী। বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী মৃনালিনী বৰঠাকুৰে আতধৰা সভাখনত আদৰনি ভাষণ প্ৰদান কৰে বিদ্যালয়খনৰ বিষয়ৰ শিক্ষক তাৰিনি কান্ত শৰ্মাই। শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে বয়সস্থ মহিলাই এই কৰ্মশালাত অতি আগ্ৰহেৰে অংশগ্ৰহণ কৰে।

এই সন্দৰ্ভত বিশেষ কামত লক্ষীমপুৰত উপস্থিত থকা অসম সত্ৰ মহাভাৰ যুৱ সংগঠন সমন্বিত যুৱ তীৰ্থৰ প্ৰতিষ্ঠাপক, বৰ্তমানৰ যুৱ তীৰ্থৰ মুখ্যউপদেষ্টা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাজকৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক বিশিষ্ট সমাজকৰ্মী সত্ৰাধিকাৰ কুসুম কুমাৰ মহন্তৰ নেতৃত্বত ৰূপায়িত প্ৰতিটো কাৰ্যক প্ৰশংসা কৰি কয় যে বৰ্তমানৰ সত্ৰ মহাসভাৰ সমিতিখনে অসম সত্ৰ মহাসভাৰ ইতিহাসত সকলো দিশৰ পৰা এক উল্লেখযোগ্য তথা যুগান্তকাৰী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। ইয়াৰ বাবে সত্ৰ মহাসভাৰ পৰিয়ালৰ লগতে অসম তথা বিশ্বৰ শ্ৰীমন্ত শংকৰদেৱৰ অনুৰাগী আৰু প্ৰতিজন অনুগামীয়ে গৌৰৱবোধ কৰিছে।

উল্লেখযোগ্য যে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় তথা নেপক’ কৰ্তৃপক্ষৰ লগতে উমৰাংচুৰ বিভিন্ন জাতি জনজাতিৰ লোকৰ কৰ্মশালাৰ প্ৰতি আগ্ৰহ দেখি অসম সত্ৰ মহাসভা উৎসাহিত হয়।এনেধৰণৰ কৰ্মশালা অসমৰ বৰাক উপত্যকাৰ ওপৰিও পশ্চিম বংগ, দিল্লী, হাৰিয়ানা আদি ভাৰতৰ বিভিন্ন ক্ষেত্ৰত অনুষ্ঠিত কৰাৰ পৰিকল্পনা হাতত লৈছে বুলি সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই জনায়।