বিশ্বনাথ, ১০ জুলাই, ২০২৩ : ছাগলী চোৰৰ উপদ্ৰবত অতিষ্ঠ ৰাইজ। এৰাল দিয়া ছাগলীৰ পৰা আৰম্ভ কৰি গৰালৰ ছাগলী পৰ্যন্তও ৰক্ষা নপৰে। বিলাসী বাহনলৈ আহে ছাগলী চোৰৰ দল। অৱশেষত ছাগলী চোৰৰ এটা দল পৰিল ৰাইজৰ জালত (Four Caught)। চোৰৰ।দলটোক উত্তম মাধ্যম দিয়াৰ লগতে বিলাসী বাহনৰ ওপৰতো ক্ষোভ উজাৰিলে ৰাইজে।

বিশ্বনাথৰ বিভিন্ন অঞ্চলত বিগত সময়ছোৱাত ছাগলী চোৰৰ উপদ্ৰবত অতিষ্ঠ হৈ পৰিছে ৰাইজ। কি দিন, কি ৰাতি সকলো সময়তে ছাগলী চোৰৰ আতংক। দিনৰ ভাগত যদি এৰাল দিয়া ছাগলী নাইকীয়া হয়, ৰাতি ঘৰৰ গৰালৰ পৰাই চোৰে নিয়ে ছাগলী। ছাগলী চোৰৰ উপদ্ৰবত উজাগৰী নিশা কটাবলৈ বাধ্য হৈছে বিশ্বনাথৰ বহু অঞ্চলৰ ৰাইজ। চকুৰ পলকতে ছাগলী লৈ উধাও হয় ছাগলী চোৰ।

বিভিন্ন সময়ত বিলাসী বাহন লৈ আহে ছাগলী চোৰৰ দল। সোমবাৰে বিলাসী বাহন লৈ ছাগলী চোৰ কৰিবলৈ অহা এটা দল পৰিল ৰাইজৰ জালত। বিশ্বনাথৰ অসম-অৰুণাচল প্ৰদেশ সিমান্তৰ তিনিসুতি আৰক্ষী চাউনিৰ অন্তৰ্গত বৰঝাৰণী অঞ্চলৰ এই ঘটনা। চাৰিজনীয়া ছাগলী চোৰৰ দল এটা বিলাসী বাহনলৈ ছগলী চোৰ কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰে। বিলাসী বাহনত ছাগলী উঠাই থকা সময়তে ৰাইজে ছাগলী চোৰ কেইটাক আটক কৰে।

ৰাইজে ছগলী চোৰ কৰি থকা অৱস্থাত হাতে-লোটে ছাগলী চোৰৰ দলটোক আটক কৰি উত্তম মাধ্যম দিয়ে। ক্ষোভত জ্বলি থকা ৰাইজে চোৰৰ দলটোৰ বিলাসী বাহনখনো ভাঙি লণ্ডভণ্ড কৰে। উত্তেজিত ৰাইজে শিল, লাঠি, কাঠ আদিৰে আক্ৰমণ চলায় বিলাসী বাহনখনৰ ওপৰত। ইয়াৰ মাজতে সুযোগ বুজি ছাগলী চোৰৰ দলটো পলায়ন কৰে যদিও ৰাইজে আৰক্ষীৰ সহযোগত খেদি খেদি দলটোক আটক কৰে। চোৰৰ দলটোৰ বিলাসী বাহনখনৰ নম্বৰ এএছ-০২-টি-৩৯৪৫।

তিনিসুতি আৰক্ষী চাওনিৰ আৰক্ষীৰ দলে ছাগলী চোৰৰ দলটোক আটক কৰি থানা লৈ নিয়ে। ছাগলী চোৰ কেইটা ক্ৰমে চতিয়াৰ চৰাইজনীয়া গাঁৱৰ সোণটি আলী, আনোৱাৰ, বাবু আৰু নুৰুল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে চোৰৰ দলটোৰ বিলাসী বাহনখনৰ পৰা দুটা ছগলীও উদ্ধাৰ কৰে। স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে যে ছাগলী চোৰৰ দলটোৱে অঞ্চলটোত দীর্ঘদিন ধৰি ছাগলী চুৰি কৰি আহিছিল।