গুৱাহাটী, ২০ মে’ : চি আই ডিয়ে চলাই থকা জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চি বি আইলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত। জোনমণি ৰাভাৰ মৃত্যুৰ (Joonmani Rabha Mysterious Death) তদন্ত চি বি আইক অৰ্পণ কৰাৰ সিদ্ধান্ত অসম আৰক্ষীৰ। আৰক্ষী সঞ্চালন প্ৰধান জি পি সিঙৰ ঘোষণা। অসম আৰক্ষীয়ে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চি বি আইক অৰ্পণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক আবেদন জনাব।

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু ঘটনা অধিক ৰহস্যৰ মাজত সোমাই পৰিছে। জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে চি আই ডিক অৰ্পণ কৰিছিল আৰু ইতিমধ্যে চি আই ডিয়ে তদন্ত চলাই আছে। চি আই ডিৰ তদন্ত অব্যাহত থকাৰ মাজতে শনিবাৰে (২০ মে’) আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক সংবাদমেল অনুষ্ঠিত কৰি জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত চি বি আইক অৰ্পন কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি জানিবলৈ দিয়ে। আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে অসম আৰক্ষীয়ে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চি আই ডিক অৰ্পণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক আবেদন জনাব।

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় “অসমৰ ৰাইজৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি আৰু জোনমণি ৰাভা অসম আৰক্ষীৰ এগৰাকী বিষয়া আজি গতিকে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত নিৰপেক্ষ সন্থাৰ দ্বাৰা হোৱাটো অসম আৰক্ষীয়ে বিচৰিছে আৰু সেইবাবে ইয়াৰ তদন্ত চি বি আইক অৰ্পণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।” জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ লগত জড়িত চাৰিটাকৈ গোচৰৰ তদন্ত চি বি আইক অৰ্পণ কৰা হ’ব বুলি কয় আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

যোৱা ৫ মে’ত নগাঁও থানাত ৰুজু হোৱা ২৪৩/২৩, ১৫ মে’ত লখিমপুৰ থানাত ৰুজু হোৱা ১৮৩/২৩, ১৬ মে’ত জখলাবন্ধা ৰুজু হোৱা ৮৪/২৩ আৰু ১৯ মে’ত জখলাবন্ধা ৰুজু হোৱা ৮৭/২৩ নম্বৰৰ চাৰিটা গোচৰৰ তদন্ত চি বি আইক অৰ্পণ কৰা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে। ইয়াৰ লগতে নগাঁও আৰু উত্তৰ লখিমপুৰ সকলো আৰক্ষী বিষয়াকে বদলি কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে বুলি সংবাদমেলত প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে যোৱা ৫ মে’ত নগাঁও থানাত ৰুজু হোৱা ২৪৩/২৩ নম্বৰৰ গোচৰটোৰ তদন্ত জোনমণি ৰাভাই চলাই আছিল।

উল্লেখ্য যে যোৱা ১৫ মে’ৰ নিশা প্ৰায় ১.৩০ বজাৰত কলিয়াবৰত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ এক সন্দেহজনক পথ দুর্ঘটনাত মৃত্যু হৈছিল। জোনমণি ৰাভাৰ পথ দুর্ঘটনা মৃত্যু হোৱা বুলি সহজে মানি লোৱা নাছিল পৰিয়ালৰ লোকে। জোনমণি ৰাভাক হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছিল জোনমণি ৰাভাৰ পৰিয়ালৰ লোকে। পৰৱৰ্তী সময়ত চি আই ডিয়ে তদন্ত আৰম্ভ কৰাৰ বহু বিস্ফোৰক তথ্য পোহৰলৈ আহে।