গুৱাহাটী : পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লগতে মাজুলীৰ উপ-নিৰ্বাচনৰ ফলাফলৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰতিক্ৰিয়া। ৰাইজৰ ৰায় আমি নতশিৰে মানি লৈছোঁ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় “নিৰাশ হ’লেও আমি হতাশ হোৱা নাই”

পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু মাজুলী উপ-নিৰ্বাচনৰ ফলাফলৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে কংগ্ৰেছে ৰাইজৰ ৰায় নতশিৰে মানি লৈ ভৱিষ্যতৰ দিনত দলৰ ভুল-ভ্ৰান্তিসমূহ দূৰ কৰি দলটোক সুসংগঠিত ৰূপত আগবঢ়াই নিবলৈ দল বদ্ধপৰিকৰ। ভূপেন কুমাৰ বৰাই কয় “নিৰ্বাচনৰ ফলাফলে আমাক এটা শিক্ষা দিলে যে আমি তৃণমূল পৰ্যায়ত অধিক মনোনিৱেশ কৰিব লাগিব”।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে আৰু কয় যে নিৰ্বাচনৰ ফলাফলত নিঃসন্দেহে দলটো নিৰাশ হৈছে, কিন্তু হতাশ হোৱা নাই। কংগ্ৰেছে সদায় ৰাইজৰ হকে যুঁজি যাব। নিৰ্বাচনী জয় বা পৰাজয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ পৰাৰ বিচ্যুত কৰিব নোৱাৰে বুলি প্ৰকাশ কৰি ভূপেন কুমাৰ বৰাই কয় কংগ্ৰেছ দল সদায় ৰাইজৰ সৈতে একাত্ম হৈ থাকিব।

আমি ৰাইজৰ ইচ্ছ্যু সমূহক লৈ, যেনে মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, অৰ্থনৈতিক অনগ্ৰসৰতা, শিক্ষা, স্বাস্থ্য, আন্তগাথঁনিমূলক উন্নয়নৰ বিষয়বোৰ দায়িত্ব সহকাৰে সদায় তুলি ধৰিম বুলিও কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৰাকীয়ে। উল্লেখ্য যে মাজুলীৰ উপ-নিৰ্বাচনৰ লগতে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ শোচনীয়ভাৱে পৰাজয় হৈছে।