আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : শিৱসাগৰত উৎসাত জুৱা খেলৰ ঘাটি। শিৱসাগৰ আৰক্ষীয়ে উৎসাত কৰে জুৱা খেলৰ বৃহৎ ঘাটি। শিৱসাগৰ নগৰৰ সমীপত ৰাজৰশ্মি ধাবাৰ সন্মুখৰ এটা ঘৰত জুৱাৰ ঘাটি উৎসাত কৰি দুজন জুৱাৰীক আটক কৰে আৰক্ষীয়ে।

শিৱসাগৰ নগৰত আৰক্ষীয়ে জুৱা খেলৰ বিৰুদ্ধে অভিযান চলাই জুৱা খেলৰ এটা বৃহৎ ঘাটি উৎসাত কৰে। শিৱসাগৰ নগৰৰ সমীপত ৰাজৰশ্মি ধাবাৰ সন্মুখৰ এটা ঘৰত দীর্ঘদিন ধৰি জুৱা খেলৰ ঘাটি চলি আছিল। বৃহস্পতিবাৰে আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই জুৱা খেলৰ ঘাটি উৎসাত কৰে।

জুৱা খেলৰ ঘাটিৰ পৰা আৰক্ষীয়ে দুজন জুৱাৰীক আটক কৰে। আটকধীন জুৱাৰী দুজন শিৱসাগৰ নগৰৰ ধাই আলিৰ নিবাসী চামছুদ্দিন আহমেদ ওৰফে ৰিমু আৰু জেঙণিকতিয়া নিবাসী জানবৱা আলী বুলি জানিব পৰা গৈছে।

শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোগল কিশোৰ কলিতা আৰু নগৰ পৰিদৰ্শক বিশ্ব দেউৰী নেতৃত্বত চলিছিল এই অভিযান। অভিযানৰ সময়ত জুৱাৰী দুজনৰ পৰা নগদ ধন আৰু জুৱা খেলৰ সা-সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটনাস্থলীৰ পৰা আন কেইবাজনো জুৱাৰী পলায়ন কৰে।