গুৱাহাটী, ৪ আগষ্ট, ২০২৬ : চৰাইদেউ ছানৰাইজাৰ্ছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত (APL) ক্ৰমাগত দ্বিতীয় জয়ৰে পইণ্ট তালিকাৰ শীৰ্ষত উপনিত হৈছে৷ সোমবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত দিনটোৰ প্ৰথমখন মেচত দলে সাত উইকেটত পৰাস্ত কৰে তেজপুৰ টাইটানছক৷ বিজয়লক্ষ্য ১২৯ ৰাণ অনুসৰণ কৰা চৰাইদেউ দলে ১৫.৪ অভাৰত তিনিটা উইকেট হেৰুৱাই ১৩২ ৰাণ কৰি সহজ জয় সাব্যস্ত কৰে৷

উল্লেখ্য যে জয়ৰে চৰাইদেউ দলে চাৰি পইণ্ট অৰ্জন কৰিছে৷ বিপৰীতে তেজপুৰ টাইটানছৰ এয়া দ্বিতীয় পৰাজয়৷ চৰাইদেউ ছানৰাইজাৰ্ছৰ বিজয়ত মুখ্য ভূমিকা লয় মিডিয়াম পেচাৰ দিবাকৰ জ’হৰিয়ে৷ চাৰি অভাৰত মাত্ৰ ১৩ ৰাণ দি তিনিটা উইকেট লাভ কৰে সোঁহতীয়া বলাৰজনে৷ আনহাতে, বেটিঙত ছানৰাইজাৰ্ছৰ হৈ অধিনায়ক সুমিত ঘাডিগাঁওকাৰে ৩৬ তথা কিৰ্তি আজাদ যাদবে ৩৫ ৰাণৰ অবদান আগবঢ়ায়৷ হৃষিকেশ তামুলী ২০ আৰু ঋষভ দীপকে ১৯ ৰাণ কৰি অপৰাজিত থাকে৷

ইয়াৰপূৰ্বে পোনতে বেটিং কৰা তেজপুৰ টাইটানছে প্ৰথম মেচৰ দৰেই সোমবাৰেও বেটিং ব্যৰ্থতাৰ সন্মুখীন হয়৷ অপেনাৰ ৱাছিম আক্ৰম হকে ১৮ বলত ২৭ ৰাণ কৰি দলীয় ইনিংছৰ বিস্ফোৰক আৰম্ভনি কৰিছিল যদিও দুই অপেনাৰ পাৱাৰ প্লে সমাপ্ত হোৱাৰ পূৰ্বেই ৰাণ আউট হয়৷ একেদৰে অধিনায়ক নিহাৰ ডেকা ২১, ডানিছ আহমেদ ২০, ৰৌছন টপ্ন’ ১৮ আৰু অভিজিত সিংহ ৰয়ে ১৭ আশাৰ আৰম্ভণি কৰিও ইনিংছ গঢ় দিয়াত সফল নহ’ল৷ চৰাইদেউৰ অনবদ্য বলিং আৰু ফিল্ডিঙে তেজপুৰৰ বেটাৰক বান্ধি ৰাখে৷

ধাৰাবাহিক উইকেট হেৰুৱাই কোনো বেটাৰে দৃঢ় যুটি গঢ়িব নোৱাৰাৰ বাবেই নিৰ্ধাৰিত ২০ অভাৰত তেজপুৰ দলে ন উইকেটত মাত্ৰ ১২৮ ৰাণতে ইনিংছ সামৰে৷ উল্লেখ্য যে ইয়াৰপূৰ্বে প্ৰথম মেচত তেজপুৰ দলে ১০৮ ৰাণত অলআউট হৈ ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে বৃহৎ ব্যৱধানত পৰাস্ত হৈছিল৷ অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা লীগৰ মঙলবাৰে হ’বলগা প্ৰথম খেলত বৰাক লিজেণ্ডছে গুৱাহাটী ৰয়েলছৰ বিৰুদ্ধে খেলিব৷ উভয় দলে প্ৰথম মেচত জয়ৰে অভিযান আৰম্ভ কৰিছে৷ ইফালে, নিশা সাত বজাত হ’বলগা দ্বিতীয়খন খেলত নগাঁও ৰেঞ্জাৰ্ছে যোৰহাট ষ্টেলিয়নছৰ মুখামুখি হ’ব৷ দূয়োটা দল প্ৰথম মেচত পৰাস্ত হোৱাত কাইলৈ প্ৰথম পইণ্ট অৰ্জনৰ আশাৰে খেলিব৷