গুৱাহাটী, ৮ জুলাই, ২০২৩ : বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে সাংবাদিকক দুৰ্বব্যবহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক অচিৰেই নিলম্বনৰ দাবী তুলি পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্যসকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (Journalist Protest in Narengi)। গুৱাহাটীৰ নাৰেঙ্গীস্থিত পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদী সাংবাদিক সকলে আৰক্ষীৰ মইমতালী নচলিব, সাংবাদিক নিৰাপত্তা সু-নিশ্চিত কৰক, জনসাধাৰণৰ সৈতে আৰক্ষীৰ সম্পৰ্ক মধুৰ কৰক, সাংবাদিকৰ অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহ’ব আদি শ্ল’গানৰে পৰিৱেশ উত্তাল কৰি তোলে।

শনিবাৰৰ (৮ জুলাই) এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি পূব গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি গোকুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক মনোজ কুমাৰ ডেকাই কয় যে, গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ সৈতে জড়িত থকা সাংবাদিকৰ ওপৰত যদি আৰক্ষীৰ এনে ধৰণৰ ব্যৱহাৰ হয়, তেনেহলে এইখন মহানগৰীত সৰ্বসাধাৰণ নাগৰিকৰ নিৰাপত্তা কিমান সুনিশ্চিত হ’ব? অনাহকতে কৰ্তব্যৰত সাংবাদিক দুৰ্ব্যবহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ এনে ব্যৱহাৰ সুস্থ গণতন্ত্ৰৰ পৰিচায়ক নহয় বুলি মন্তব্য কৰি এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনায়।

ইফালে প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ সাতগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে সাংবাদিক সকলক কৰা এনে দুৰ্ব্যবহাৰৰ উচিত তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনায় গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামীয়ে। উল্লেখ্য যে, যোৱা ১৭ মে’ত সাতগাঁও থানা এলেকাত সংঘটিত হোৱা এটা দলবদ্ধ ধর্ষণৰ ঘটনাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত ৫ জুলাইত জ্যেষ্ঠ সাংবাদিক তথা পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি ছামছুল ৰহমানে উক্ত ঘটনাৰ তথ্য বিচাৰি সাতগাঁও আৰক্ষী থানালৈ গৈছিল। তেনে সময়তে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ কুমাৰ কানুৱে জ্যেষ্ঠ সাংবাদিক গৰাকীক দুৰ্ব্যৱহাৰ কৰি থানাত প্ৰৱেশত বাধা প্ৰদান কৰে। 

আনকি জ্যেষ্ঠ সাংবাদিক গৰাকীৰ হাতত থকা মোবাইল ফোনটো কাঢ়ি নি তালাচী চলাই অযথা হাৰাশাস্তি কৰে। পিছত আৰক্ষী বিষয়াৰ এনে দুৰ্ব্যৱহাৰৰ বিষয়ে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে পূব গুৱাহাটী প্ৰেছ ক্লাবক অৱগত কৰে। বিষয়টোৰ সন্দৰ্ভত যোৱা ৭ জুলাই অৰ্থাৎ শুকুৰবাৰে দিনৰ ভাগত পূব গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি গোকুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক মনোজ কুমাৰ ডেকাৰ নেতৃত্বত যোৱা এটি ১৫ জনীয়া সাংবাদিক দল সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক সৌজন্য মূলক সাক্ষাৎ কৰাৰ বাবে থানা চৌহদত উপস্থিত হয়।কিন্তু আৰক্ষী বিষয়া গৰাকীয়ে নানা অজুহাত দেখুৱাই সাংবাদিকৰ দলটোক সাক্ষাৎ দিয়াৰ পৰা বিৰত থাকে। প্ৰায় ১ ঘণ্টা সময় ধৰি অপেক্ষা কৰি থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ সাক্ষাৎতৰ অনুমতি নাপাই অপমান বোধ কৰি সেই স্থান পৰিত্যাগ কৰে সাংবাদিকৰ দলটোৱে।

সাংবাদিকক দুৰ্ব্যবহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক নিলম্বন কৰাৰ দাবী তুলি সাংবাদিক সকলে শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। দিনৰ ১১ বজাৰ পৰা ১ বজালৈ ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰীণা বৰুৱা কলিতা, নাৰেঙ্গী উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক কমল বৰা, সমাজ কৰ্মী প্ৰদীপ কলিতা, নুনমাটি ছাত্ৰ সন্থা, নাৰেঙ্গী ছাত্ৰ সন্থা, সাতগাঁও ছাত্ৰ সন্থা, জু-নাৰেঙ্গী ছাত্ৰ সন্থা, নাৰেঙ্গী বনিক সন্থাৰ প্ৰতিনিধি তথা বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক আৰু সংবাদ কৰ্মী উপস্থিত থাকে।