গুৱাহাটী : অসম তৃণমূল কংগ্ৰেছৰ (Assam Trinamool Congress) ধাৰাবাহিক আন্দোলন কাৰ্যসূচী অব্যাহত আছে। বুধবাৰে মহানগৰীৰ সাওকুঁছিত ৰিপুণ বৰাৰ নেতৃত্বত চলিল অসম তৃণমূল কংগ্ৰেছৰ গণ স্বাক্ষৰ অভিযান। অসম যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতি বনদ্বীপ দত্তই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰে।

অসম তৃণমূল কংগ্ৰেছৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে অপশাসন চলাই থকাৰ অভিযোগত ধাৰাবাহিক আন্দোলন কাৰ্যসূচী অব্যাহত আছে। আকাশলংঘী মূল্যবৃদ্ধি, বৰ্ধিত পৌৰকৰৰ বিৰুদ্ধাচৰণ আৰু মহানগৰবাসীৰ বাবে নিয়মীয়া বিশুদ্ধ খোৱাপানীৰ যোগানৰ দাবীত যোৱা ৩ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা গণ স্বাক্ষৰ প্ৰতিবাদী কাৰ্যসূচীৰ অংশ স্বৰূপে বুধবাৰে মহানগৰীৰৰ লখৰাস্থিত সাওকুঁছি বজাৰত তৃণমূল কংগ্ৰেছৰ নেতৃবৰ্গই প্ৰতিবাদী কাৰ্যসূচী তথা গণ স্বাক্ষৰত অংশ লয়।

আজিৰ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই, লগতে অসম তৃণমূল কংগ্ৰেছৰ নেতৃবৰ্গ, অসম তৃণমূল যুৱ শাখাৰ নেতৃবৰ্গ তথা মহিলা শাখাৰ নেত্ৰীসকলেও এই কাৰ্যসূচীত অংশ লয়। প্ৰতিবাদী কাৰ্যসূচী তথা গণ স্বাক্ষৰ অভিযানত অংশ লৈ সভাপতি ৰিপুণ বৰাই বিজেপি শাসিত ৰাজ্য চৰকাৰৰ অপশাসনৰ দোহাই দি বৰ্ধিত মূল্যবৃদ্ধিয়ে জনতাৰ মূৰত মাধমাৰ শোধাইছে বুলি মন্তব্য প্ৰকাশ কৰি বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে।

উল্লেখ্য যে, যোৱা ৩ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচী ইতিমধ্যে মহানগৰীৰ বেলতলা বজাৰ, পল্টন বজাৰ, ফাঁচী বজাৰ আৰু আজি সাওকুঁছিত সম্পন্ন হয়। যোৱা ৩০ ডিচেম্বৰ তাৰিখলৈ চলিবলগীয়া এই গণ স্বাক্ষৰ আৰু প্ৰতিবাদী কাৰ্যসূচী অভিযানৰ শেষত নাগৰিকৰ চহী সম্বলিত দাবী পত্ৰ ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ হাতত জমা দিয়া হ’ব বুলি দলৰ নেতৃবৰ্গই জানিবলৈ দিয়ে।

ইফালে অসম যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতি বনদ্বীপ দত্তই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰি কয়, “সৰ্বসাধাৰণ ৰাইজ মুখ্যমন্ত্ৰীৰ শাসনত অতিষ্ঠ হৈ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ মুখ্যমন্ত্ৰী নহৈ কেৱল বিজেপি দলটোৰহে মুখ্যমন্ত্ৰী হৈ পৰিছে।” অসম তৃণমূল কংগ্ৰেছ সদায় ৰাইজৰ পক্ষত থিয় হৈ আছে আৰু থাকিব বুলি কৈ যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতি দত্তই লগতে কয় যে, “মুখ্যমন্ত্ৰীক সকলোৱে মামা বুলি সম্বোধন কৰাৰ বিপৰীতে একাংশ ৰাইজে কিন্তু তেওঁক ‘শুকুণি মামা’ বা শেহতীয়াকৈ ডেংগি মহৰ উপদ্ৰৱ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিটত ‘ডেংগি মামা’ বুলি অভিহিত কৰিছে।”