গুৱাহাটী : জুবিন ক্লাচিক যোগ সংস্কৃতি সংস্থা (Zubeen Classic Yuga Culturalal Santha) নামৰ এক ক্ৰীড়া তথা সামাজিক সংগঠন বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উদ্বোধন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে শেহতীয়াকৈ অৰ্জুন বঁটাৰে বিভূষিত, বিগত কমনৱেলথ গেমছত স্বৰ্ণপদক বিজয়ী লনবল খেলুৱৈ নয়নমণি শ‌ইকীয়া।

জুবিন ক্লাচিক যোগ সংস্কৃতি সংস্থা নামৰ সংগঠনটোৰ সম্পাদক, প্ৰখ্যাত যোগ শিক্ষক অঞ্জনা দাসে আদৰণি ভাষণত কয় যে জুবিন ক্লাচিক যোগ সংস্কৃতি সংস্থা নামৰ এই সংগঠনটোৰ যোগেদি সমাজৰ সকলো স্তৰৰ লোকৰ মাজত সুস্থ জীৱনশৈলীৰ বাবে কাম কৰা হ’ব। নিয়মীয়াকৈ ছেমিনাৰ, যোগ প্ৰতিযোগিতা, স্বাস্থ্য সম্পৰ্কীয় সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। যোগাভ্যাসৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰি জীৱন ধাৰণৰ পদ্ধতিক উন্নত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

জুবিন ক্লাচিক যোগ সংস্কৃতি সংস্থাৰ সভাপতিৰ দায়িত্বত থকিব বুলি স্বয়ং জুবিন গাৰ্গে সন্মতিসূচক স্বাক্ষৰ প্ৰদান কৰিছে। সভাত অৰ্জুন নয়নমণি শ‌ইকীয়াৰ লগতে যোগত অসমৰ প্ৰথমগৰাকী পি এইছ ডি ডিগ্ৰীধাৰী ড০ মাধন বৰা, যোগাসনত বিশ্ব অভিলেখধাৰী কুঁহি ডেকা, চতুৰ্থ খেলো ইণ্ডিয়া য়ুথ গেমছৰ যোগত ৰূপৰ পদক জয়ী সুমিত দে, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক উদয় বৰগোঁহাই, পতঞ্জলী যোগপীঠৰ উত্তৰ পূৰ্বাঞ্চলৰ মুৰব্বী বিকাশ গোস্বামী, ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছ খেলুৱৈ, ক্ৰীড়া সংগঠক কল্যাণ কুমাৰ দাস, জ্যেষ্ঠ সাংবাদিক তথা ‘দিগন্তছ ফিজিঅ’থেৰাপী এণ্ড ৰিহেবিলিটেচন চেণ্টাৰ’ৰ প্ৰতিষ্ঠাতা দিগন্ত দাস উপস্থিত থাকে।

এই অনুষ্ঠানতে অসম গৌৰব তথা জুবিন ক্লাচিক যোগ সংস্কৃতি সংস্থাৰ সভাপতি জুবিন গাৰ্গৰ ১৮ নবেম্বৰৰ ৫০ বছৰীয়া জন্মদিনৰ আগদিনা অৰ্থাৎ ১৭ নবেম্বৰত প্ৰাক্ জন্মদিন পালন কৰা হয়।
অনুষ্ঠানত জুবিন ক্লাচিক যোগ সংস্কৃতি সংস্থা, গুৱাহাটীৰ হৈ উপস্থিত থাকে সম্পাদক অঞ্জনা দাস, কোষাধ্যক্ষ জবান ৰাভা, সদস্য দিব্যজ্যোতি ডেকা আৰু বিদ্যা ইংতি।