গুৱাহাটী : অসমীয়া বোলছবি জগতৰ তাৰকা অভিনেতা (Assamese Superstar) নিপন গোস্বামীৰ দেহাৱসান। বৃহস্পতিবাৰে পুৱা ৯.১৫ বজাত অসমীয়া বোলছবি জগতৰ তাৰকা অভিনেতা গৰাকীৰ দেহাৱসান ঘটে। চিকিৎসাধীন অৱস্থাত মহানগৰী গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে তাৰকা অভিনেতা নিপন গোস্বামীয়ে।

বৃহস্পতিবাৰে পুৱাৰ ভাগতে সমগ্ৰ অসমবাসী ৰাইজৰ বাবে নেমকেয়াৰ হাস্পতালৰ পৰা আহে এক শোকাবহ খবৰ। কিছুদিন ধৰি নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা অসমীয়া বোলছবি জগতৰ তাৰকা অভিনেতা নিপন গোস্বামীৰ দেহাৱসান ঘটা বুলি খবৰ আহে। হৃদয় ৰোগত আক্রান্ত হোৱা অভিনেতা নিপন গোস্বামীক যোৱা দেওবাৰে নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

দেওবাৰৰ পৰাই নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা অভিনেতা গৰাকীয়ে অৱশেষত বৃহস্পতিবাৰে পুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে। অভিনেতা গৰাকীৰ দেহাৱসান ঘটাৰ খবৰে সমগ্ৰ অসমতে শোকৰ ছাঁ পেলাইছে। ১৯৪৭ চনত তেজপুৰৰ কলিবাৰীত জন্মগ্ৰহণ কৰা নিপন গোস্বামীয়ে মঞ্চ অভিনয়ৰ জৰিয়তে নিজৰ অভিনয় জীৱনৰ আৰম্ভণি কৰি পিছলৈ বোলছবিত নায়কৰ অভিনয় কৰিছিল।

পুনে ফিল্ম ইনষ্টিটিউট’ৰ পৰা অভিনয়ৰ শিক্ষা গ্ৰহণ কৰা নিপন গোস্বামীয়ে ‘সংগ্ৰাম’ বোলছবিত প্ৰথমে নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত ফণী শৰ্মাৰদ্বাৰা পৰিচালিত ‘পিয়লি ফুকন’ আছিল অভিনেতা গৰাকীৰ প্ৰথম ছবি। ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত ‘ডক্তৰ বেজবৰুৱা’ নামৰ অসমীয়া ছবিখনৰ অভিনয়ৰ জৰিয়তে নিপন গোস্বামী অসমীয়া বোলছবি জগতৰ তাৰকা অভিনেতা হৈ পৰিছিল।

নিপন গোস্বামীয়ে ১০০ ৰো অধিক অসমীয়া বোলছবিত অভিনয় কৰিছিল। অসমীয়া বোলছবিৰ লগতে নিপন গোস্বামী থিয়েটাৰ লগতো জড়িত আছিল। ২০২১ চনত অসমীয়া ছবি জগতৰ তাৰকা অভিনেতা গৰাকীক ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটাৰে সন্মানিত কৰা হৈছিল। মুনিন বৰুৱাৰ লগত যৌথ ভাৱে অভিনেতা নিপন গোস্বামীয়ে
‘প্ৰতিমা’ নামৰ অসমীয়া বোলছবিখন পৰিচালনা কৰিছিল।