গুৱাহাটী : নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান। এইবাৰ জব্দ হ’ল ২৫০০ কেজি অতি উচ্চ মানৰ মণিপুৰী গাঞ্জা (Ganja Seized)। আদাৰ বস্তাত লুকুৱাই আনিছিল ১৫ কোটি টকা মূল্যৰ মণিপুৰী গাঞ্জাখিনি। দুজন গাঞ্জা সৰবৰাহকাৰীয়ে আদাৰ বস্তাত লুকুৱাই আনিছিল ১৫ কোটি টকা মূল্যৰ মণিপুৰী গাঞ্জাখিনি। সৰবৰাহকাৰী দুজনক আটক কৰি আৰক্ষীৰ তদন্ত অব্যাহত।

অসম আৰক্ষীৰ ড্ৰাগছ তথা অন্যান্য নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। ৰাজ্যজুৰি অসম আৰক্ষীয়ে চলাই থকা এই অভিযানত কেইবাটাও বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ সৰবৰাহকাৰীয়ে অসমৰ মাজেৰে বহিঃৰাজ্যলৈ ড্ৰাগছ তথা অন্যান্য নিচা জাতীয় সামগ্ৰী সৰবৰাহৰ চেষ্টা চলাই আছে। বৃহস্পতিবাৰে পুনৰ দুজন গাঞ্জা সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ গাঞ্জাসহ জালত পেলাবলৈ সক্ষম হৈছে আৰক্ষী।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰী দুজনক বৃহৎ পৰিমাণৰ অতি উচ্চ মানৰ মণিপুৰী গাঞ্জাসহ আটক কৰিবলৈ সক্ষম হয়। পুৱাৰ ভাগত যোৰাবাটত আৰক্ষীয়ে এখন ট্ৰাকত তালাচী চলাই ২৫০০ কেজি ওজনৰ বৃহৎ পৰিমাণৰ মণিপুৰী গাঞ্জা জব্দ কৰে। এইচআৰ-৩৮-টী-২৯১৩ নম্বৰৰ ট্ৰাকখনত তালাচী চলাই আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰে। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য ১৫ কোটি টকা বুলি জানিব পৰা গৈছে।

যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত যোৰাবাট আৰক্ষীয়ে এই অভিযান চলাইছিল। যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই জানিবলৈ দিয়ে যে আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত বিগত কেইবাদিন ধৰি অভিযান অব্যাহত চলাই অৱশেষত বৃহস্পতিবাৰে পুৱা যোৰাবাটত ট্ৰাকখনত তালাচী চলাই সাফল্য লাভ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰি দুজন গাঞ্জা সৰবৰাহকাৰীক আটক কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে।

গাঞ্জা সৰবৰাহকাৰী দুজন হাৰিয়ানাৰ অশোক কুমাৰ আৰু উত্তৰাখণ্ডৰ ভূপেন্দ্ৰ সিঙ বুলি চিনাক্ত কৰা হৈছে। গাঞ্জা সৰবৰাহকাৰী দুজনে অতি কৌশলেৰে ট্ৰাকখনত আদাৰ বস্তাৰ মাজত গাঞ্জাখিনি লুকুৱাই আনিছিল। দেশৰ অন্য প্ৰান্তলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে গাঞ্জাখিনি মণিপুৰীৰ পৰা অনা হৈছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে গাঞ্জা সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত ৰাখিছে।