গুৱাহাটী : ইণ্ডিয়া টুডে গ্ৰুপে শেহতীয়াকৈ প্ৰকাশ কৰা এক সমীক্ষাত অসমক পৰ্যটনৰ (Assam Tourism) ক্ষেত্ৰত দ্বিতীয় শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ৰাজ্যৰ সন্মান প্ৰদান কৰা হৈছে। ইণ্ডিয়া টুডে গ্ৰুপৰ জৰীপক দেশৰ অন্যতম বিশ্বাসযোগ্য আৰু প্ৰামাণিক জৰীপ বুলি ধৰিব পাৰি আৰু ঘৰুৱা পৰ্যটকৰ সংখ্যা, বিদেশী পৰ্যটকৰ সংখ্যা, পৰ্যটন প্ৰচাৰৰ বাবে ব্যয় কৰা ধন, বিমানবন্দৰৰ মুঠ সংখ্যা ইত্যাদিৰ মাপকাঠিৰ ওপৰত ভিত্তি কৰি পোৱা ফলাফলটোৱে অসমৰ পৰ্যটন খণ্ডৰ শেহতীয়া সফলতাক প্ৰতিফলিত কৰে।

এই সাফল্যৰ ওপৰত মত প্ৰকাশ কৰি পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই টুইটযোগে কয় যে “ইণ্ডিয়া টুডে গ্ৰুপে কৰা এক সমীক্ষাত অসমে পৰ্যটন খণ্ডত দ্বিতীয় শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ৰাজ্যৰ খিতাপ পোৱাত মই অতি আনন্দিত আৰু গৌৰৱান্বিত অনুভৱ কৰিছো। ক’ভিড ১৯ ৰ সময়ছোৱাত পৰ্যটন বিভাগ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ পিছতো অসমে এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱাটো এক অনাবিল আনন্দৰ মুহূৰ্ত। আশা কৰোঁ যে নতুন পৰ্যটন নীতি আৰু বিভিন্ন পদক্ষেপৰ দ্বাৰা অনাগত দিনত আমি পৰ্যটন ক্ষেত্ৰখনত অধিক সফলতা লাভ কৰিবলৈ সক্ষম হ’ম। মই এই সাফল্যৰ বাবে অসম পর্যটনৰ সৈতে জড়িত সকলো বিষয়া-কৰ্মচাৰী, ষ্টেকহোল্ডাৰ, ট্যুৰ অপাৰেটৰ আৰু বিশেষকৈ পৰ্যটকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।”

মন্ত্ৰী গৰাকীয়ে এই কথাও উল্লেখ কৰে যে ক’ভিড ১৯ ৰ পিছত অসম চৰকাৰে অসমক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শীৰ্ষ পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰাৰ নতুন দৃষ্টিভংগী গঢ়ি তুলিছে আৰু পৰ্যটকৰ আকৰ্ষণ, চাৰ্কিট, আৰু আন্তঃগাঁথনিসমূহ বিকাশৰ ব্যৱস্থাই সমগ্ৰ ৰাজ্যখনক আৰ্থ-সামাজিক সুবিধা প্ৰদান কৰি পৰিৱেশ আৰু সাংস্কৃতিক সংবেদনশীলতাক পৰ্যাপ্তভাৱে বিবেচনা কৰি বহনক্ষম পদ্ধতিৰে আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। চৰকাৰে পৰ্যটন ব্যৱসায়ৰ অংশীদাৰসকলক ক’ভিড ১৯ পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ আৰু ৰাজ্যখনৰ আন্তঃগাঁথনি আৰু পৰ্যটন সা-সুবিধাসমূহৰ উন্নীতকৰণৰ বাবেও বিশেষ সুবিধা প্ৰদান কৰে।

লক্ষণীয় যে পৰ্যটন খণ্ডই যোৱা কেবিনেট বৈঠকত অসমত উদ্যোগৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে যিয়ে খণ্ডটো আৰু ইয়াৰ ইউনিটসমূহক “অসম বিনিয়োগ আৰু উদ্যোগ নীতি ২০১৯”ৰ অধীনত প্ৰদান কৰা সকলো সুবিধাৰ বাবে যোগ্য কৰি তুলিছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বাবে অদম্যভাৱে কাম কৰাৰ বাবে ধন্যবাদ জনাই আৰু উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অসমক এখন উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীয়ে পৰ্যটন খণ্ডকো প্ৰতিটো দিশৰ পৰাই বিকশিত কৰিবলৈ সক্ষম হোৱাত সহায় কৰিছে।