নিউজ ডেস্ক : বুধবাৰে পুৱাৰ ভাগতে সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা (Bus Accident)। ১৫ গৰাকী ছাত্ৰ-ছাত্ৰী নিহত হৈছে এই পথ দুর্ঘটনাত। কেইবাগৰকী ছাত্ৰ-ছাত্ৰী গুৰুত্বৰভাৱে আহত। আহত ছাত্ৰ-ছাত্ৰী সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা।

বুধবাৰে পুৱাৰ ভাগতে মণিপুৰৰ পৰা আহিছে এক শোকাবহ খবৰ। পুৱাৰ ভাগত মণিপুৰত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে ১৫ গৰাকী ছাত্ৰ-ছাত্ৰী। শিক্ষামূলক ভ্ৰমণলৈ গৈ থকা এখন বাছ দুর্ঘটনাগ্ৰস্ত হোৱাত নিহত হয় ১৫ গৰাকী ছাত্ৰ-ছাত্ৰী নিহত হয়। মণিপুৰৰ ননী জিলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুর্ঘটনা।

দুর্ঘটনা সন্দৰ্ভত জানিব পৰা মতে মণিপুৰৰ য়াৰিপ’কৰ থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা দুখন বাছ শিক্ষামূলক ভ্ৰমণৰ বাবে খোপুম অভিমুখে গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়। ফলত ১৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো গুৰুত্বৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

১৫ গৰাকী ছাত্ৰ-ছাত্ৰী থিতাতে নিহত হৈছে যদিও মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। লংছাই টুবুং গাঁৱৰ সমীপৰ বিষ্ণুপুৰ-খৌপুম পথৰ কাষত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। আহত ছাত্ৰ-ছাত্ৰী সকলক ইম্ফলৰ মেডিচিটি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

বর্তমালৈকে ২২ গৰাকী ছাত্ৰ-ছাত্ৰীক চিকিৎসাৰ বাবে ইম্ফলৰ মেডিচিটি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰে কেইবাগৰকী ছাত্ৰ-ছাত্ৰীৰ অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে। ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা বাছখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে বুলিও জানিব পৰা গৈছে।