জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথৰ মোনাবাৰিত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙক পৰিৱেশ সঞ্জীৱন বঁটা প্ৰদান। প্ৰকৃতিপ্ৰেমী কুমুদ বৰুৱাক পৰিৱেশ সচেতকৰ বঁটা আৰু জেষ্ঠ সাংবাদিক হেমন্ত শইকীয়াক সংবাদ সঞ্জিৱন বঁটা প্ৰদান। বিশ্বনাথৰ মোনাবাৰীস্থিত চাইনিং গ্ৰীণ আছিয়ানা ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হয় এক পৰিৱেশ সজাগতা সভা।

উক্ত সজাগতা সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙ। অনুষ্ঠানত অৰণ্য মানৱ যাদৱ পায়েঙক বিশ্ব পৰিৱেশ সঞ্জীৱন বঁটা জ্ঞাপন কৰা হয়। লগতে বিশ্বনাথৰ জেষ্ঠ অধিবক্তা তথা প্ৰকৃতি প্ৰেমী কুমুদ বৰুৱাক পৰিৱেশ সচেতকৰ বঁটা, জেষ্ঠ সাংবাদিক হেমন্ত শইকীয়াক সংবাদ সঞ্জীৱন বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানতে মোনাবাৰী অঞ্চলৰ জেষ্ঠ নাগৰিক, সচেতন নাগৰিকক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে মোনাবাৰি অঞ্চলৰ কৃতি ছাত্ৰ-ছাত্ৰী সকলোকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

এই অনুষ্ঠানতে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে প্ৰকৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ আৰু অভিজ্ঞতা সম্পৰ্কে নিজৰ ভাষণ প্ৰদান কৰে। বিশ্ব পৰিৱেশ দিৱসৰ লগতে সংগতি ৰাখি বিশ্বনাথৰ চাইনিং গ্ৰীণ আছিয়ানা ফাউণ্ডেশ্যনৰ সঞ্চালক ড০ কিশোৰ হাজৰিকা আৰু তেখেতৰ পত্নী স্নিগ্ধা গোস্বামী হাজৰিকাৰ নেতৃত্বত বিশ্বনাথৰ বিভিন্ন স্থানত গছ পুলি ৰোপণৰ আঠ দিনীয়া কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল।

কেৱল গছ পুলি ৰোপণ নহয়, বিশ্বনাথৰ মোনাবাৰীৰ কিছুমান অঞ্চলত দীৰ্ঘদিন ধৰি খাদ্যৰ অভাৱত বনৰীয়া হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আহিছে। এই বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ দিবলৈ চাইনিং গ্ৰীণ আছিয়ানা ফাউণ্ডেশ্যনে কেইবা কিলোমিটাৰ অঞ্চলত কলগছৰ পুলি ৰোপণ কৰি স্থানীয় লোকক বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

আনহাতে চাইনিং গ্ৰীণ আছিয়ানা ফাউণ্ডেশ্যনে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আঠ দিনীয়া গছ পুলি ৰোপণ কাৰ্যসূচীৰ সামৰণী পেলায়। দেওবাৰে গছ পুলি ৰোপণ কাৰ্যসূচীৰ অন্তিম দিনা এখনি সভা অনুষ্ঠিত কৰে উক্ত চাইনিং গ্ৰীণ আছিয়ানা ফাউণ্ডেশ্যনে য’ত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে অংশ গ্ৰহণ কৰে।