আজিজ আলী
মুকালমুৱা : নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ নতুন সমিতিৰ কাৰ্যভাৰ গ্ৰহণ। অসমৰ কৰ্মৰত সাংবাদিক আৰু সংবাদ কৰ্মী সকলৰ ন্যায্য প্ৰাপ্তিৰ হকে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি অহা অসম বাৰ্তাজীৱী সংঘৰ অন্তৰ্গত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ নতুন কাৰ্যনিৰ্বাহক সমিতিয়ে দেওবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে।

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ নপ্তিপাৰাস্তিত “গংগা-যমুনা এগ্ৰ’ ৰিজৰ্ট”ত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি নৰেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত ন-পুৰণি সমিতিৰ যৌথ সভাত ভাৰত বাৰ্তাজীৱী মহাসংঘৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য মধুসূদন মেধি উপস্থিত থাকে। অসম বাৰ্তাজীৱী সংঘৰ সম্পাদক মুকুট ৰাজ শৰ্মা, সাংগঠনিক সম্পাদক কিশোৰজ্যোতি শৰ্মা, প্ৰচাৰ সম্পাদক হেমন্ত বৰ্মন, উত্তৰ-পশ্চিম মণ্ডলৰ উপ-সভাপতি অখিল কলিতা, সদস্য গৌৰব বুঢ়াগোহাঁই, সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক খনীন ৰাজবংশী,পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মন, নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ নতুন সমিতিৰ সহকাৰী সম্পাদক আজিজ আলীও উপস্থিত থাকে।

সভাত কাৰ্যালয় সম্পাদক পিংকু মণি ৰায় চৌধুৰী, সাংগঠনিক সম্পাদক কালিন্দ্ৰ বৰ্মণ, হীৰক কলিতা, আজাদ আলী, সদস্য শংকৰ দাস, পংকজ কুমাৰ লহকৰ প্ৰমুখ্যে ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।গংগা-যমুনা ৰিজৰ্টৰ স্বত্বাধিকাৰী ভূপেন তালুকদাৰ আৰু তেখেতৰ পুত্ৰ দিম্পুৰাজ তালুকদাৰক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়।এই নতুন সমিতিয়ে মুকালমুৱাৰ সমীপৱৰ্তী গংগা-যমুনা ৰিজোৰ্টত দায়িত্ব ভাৰ গ্ৰহণ কৰে।