নলবাৰী, ৬ মে’ : নলবাৰী জিলা কৃষি বিভাগৰ উদ্যোগত মাইকযোগে ধান ক্ৰয় আঁচনিৰ প্ৰচাৰ অভিযান আৰম্ভ। কৃষক সকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্য কৃষি বিভাগৰ এই বিশেষ পদক্ষেপ (For farmers awareness)। নলবাৰী জিলাৰ কৃষক সকলে যাতে নিজৰ উৎপাদিত শস্যৰ উচিত মূল্য লাভ কৰে ইয়াৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে জিলাখনৰ কৃষি বিভাগে।

নলবাৰী জিলা কৃষি বিভাগৰ উদ্যোগত ধান ক্ৰয় আঁচনিৰ বহুল প্ৰচাৰৰ উদ্দেশ্যে তথা কৃষকক এই সম্পৰ্কে অৱগত কৰাৰ উদ্দেশ্যে জিলাখনৰ গাঁৱে গাঁৱে মাইকযোগে ধান ক্ৰয় আঁচনিৰ প্ৰচাৰ অভিযানৰ শনিবাৰে (৬ মে’) নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা শুভাৰাম্ভণি কৰা হয়। জিলা উন্নয়ন আয়ুক্ত অনুপম ডেকাই শুভৰাম্ভণি কৰা এই ধান ক্ৰয় আঁচনিৰ প্ৰচাৰ অভিযানৰ কাৰ্যসূচীত উপস্থিত থাকে জিলা বিত্ত আৰু একাউণ্ট বিষয়া ডেইজী নাথ, মহকুমা কৃষি বিষয়া মুনীন্দ্ৰ কুমাৰ শৰ্মা আৰু ন’ডল বিষয়া ছফিকুল ইছলাম।

উল্লেখ্য যে অসম চৰকাৰে কৃষকৰ সুবিধাৰ্থে কৃষক সকলৰ কষ্টৰ ফচল যাতে কোনো মধ্যভোগীৰ হাতত নপৰে সেই বাবে জিলাখনত মুঠ ৮ টা ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছে। ধান ক্ৰয় কেন্দ্ৰ কেইটা ক্ৰমে কালাগ হাটখোলা, বৰচেনীকুছি, ঘগ্ৰাপাৰ, পৰমানখোৱা, কাপলাবৰি, মাৰোৱা, টিহুহালধিবাৰী আৰু টিহু নখৰাত স্থাপন কৰা হৈছে। কৃষক সকলে জিলা কৃষি কাৰ্যালয়ৰ পৰা ফাৰ্মাৰ চাৰ্টিফিকেট গ্ৰহণ কৰি ৰাহি হোৱা ধানখিনি ওচৰৰ ধান ক্ৰয় কেন্দ্ৰত বিক্ৰী কৰি চৰকাৰীভাৱে আগবঢ়োৱা নূন্যতম সমৰ্থিত মূল্য অৰ্থাৎ প্ৰতি কুইন্টল ধানৰ বিনিময়ত ২০৪০ টকা লাভ কৰিবলৈ অনুৰোধ জনায় জিলা কৃষি বিষয়া প্ৰবীণ চন্দ্ৰ মেধি আৰু ন’ডল বিষয়া ছফিকুল ইছলামে।

পি এম কিষাণ সন্মান নিধিৰ সুবিধা গ্ৰহণ কৰি থকা সকলেও যাতে কোনো মধ্যভোগীৰ হাতত ধানখিনি বিক্ৰী নকৰি চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত বিক্ৰী কৰে সেইবাবে গাঁৱৰ চুকে কোনে কৃষকক জ্ঞাত কৰাৰ উদ্দেশ্যে মাইকযোগে প্ৰথম দিনা প্ৰচাৰ অভিযান চলাই জিলা কৃষি বিপনন সমন্বয়ক সত্যেন তালুকদাৰে। উল্লেখ্য যে নলবাৰী জিলাত বহু কৃষকে এই ধান ক্ৰয় আঁচনি গ্ৰহণ কৰি সকাহ লাভ কৰে বুলিও অনুভৱ প্ৰকাশ কৰিছে। উল্লেখ্য যে কৃষক সকলক উচিত মূল্য দিয়াৰ উদ্দেশ্যে কিছুদিন পূৰ্বে নলবাৰীৰ পৰা নেপাললৈ ৰপ্তানি কৰা হৈছিল ৰঙালাউ।

নলবাৰী জিলা কৃষি বিভাগৰ উদ্যোগত কৃষকৰ পথাৰৰ পৰাই ৰঙালাউ নেপালৰ বজাৰলৈ ৰপ্তানি কৰা হৈছিল। কোনো মধ্যভোগী নোহোৱাকৈ প্ৰায় ২০ টন ৰঙালাউ নেপালৰ কাঠমান্দোৰ ব্যবসায়ীৰ সৈতে সংযোগ কৰি উপযুক্ত দৰত বিক্ৰীৰ ব্যৱস্থা কৰা হৈছিল।পাগলাদিয়া এগ্ৰ’ অৰ্গেনিক কৃষক গোষ্ঠীৰ কৃষক সকলে কহুৱা ৰিজৰ্টত তথা জ্যোতি কৃষক সংঘৰ মাটিত কৰা খেতিৰ ২০ টন ৰঙালাউ জিলা কৃষি বিপণন সমন্বয়ক (এপাৰ্ট) সত্যেন তালুকদাৰে কোনো মধ্যভোগী নোহোৱাকৈ নেপালৰ কাঠমান্দোৰ ব্যবসায়ীৰ সৈতে সংযোগ কৰি উপযুক্ত দৰত বিক্ৰীৰ ব্যৱস্থা কৰিছিল।