যোৰহাট, ৬ মে’ : কোন দিশে ৰাজ্যৰ যুৱ প্ৰজন্ম। ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে অসমৰ এগৰাকী যুৱতীয়ে। অশ্লীল ছবি জগতত ভৰি দিছে অসমৰ যুৱতীয়ে। অশ্লীল ভিডিঅ’ বনাই বিশেষ কিছুমান ছাইটত ভিডিঅ’ আপলোড কৰাৰ অভিযোগ যোৰহাটৰ এগৰাকী যুৱতীৰ বিৰূদ্ধে (Uploading video)।

যোৰহাটৰ এগৰাকী কলেজীয়া ছাত্ৰীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুত্বৰ অভিযোগ। ছাত্ৰী গৰাকীয়ে নিজৰ অশ্লীল ভিডিঅ’ বিশেষ কিছুমান ছাইটত আপলোড দিয়াৰ অভিযোগ। ছাত্ৰী গৰাকীয়ে বহু লোকৰ লগত সম্পৰ্ক স্থাপন কৰি ভিডিঅ’ বনাই সেই সমূহ ভিডিঅ’ বিশেষ ছাইটত আপলোড দিয়াৰ অভিযোগ উত্থাপন হৈছে।

শেহতীয়াকৈ ছাত্ৰী গৰাকীয়ে এজণ ৭২ বছৰীয়া বৃদ্ধৰ সৈতে সম্পৰ্ক স্থাপন কৰি নিজৰ মোবাইল ফোনৰ কেমেৰাৰে সেই ভিডিঅ’ আৱদ্ধ কৰি পিছত বিশেষ ছাইটত ভিডিঅ’ আপলোড দিছিল বুলি অভিযোগ উঠিছে। পৰৱৰ্তী সময়ত ভিডিঅ’ ভাইৰেল হৈ পৰাত বৃদ্ধজনে লাজত আত্মহত্যা কৰে।

শুকুৰবাৰে সন্ধিয়াৰ ভাগত বৃদ্ধজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত ক্ষোভিত হৈ পৰে যোৰহাটৰ ঢেকেলিয়াৰ ৰাইজ। গাঁৱৰ ৰাইজ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰী গৰাকীৰ উচিত শাস্তিৰ দাবী জনায় প্ৰতিবাদকাৰী ৰাইজে। ইতিমধ্যে ছাত্ৰী গৰাকীক পুলিবৰ আৰক্ষীয়ে আটক কৰি তদন্তৰ অব্যাহত ৰাখিছে।

ইফালে গাঁৱৰ মহিলা সকলে জানিবলৈ দিয়ে যে বৃদ্ধনক যুৱতী গৰাকীয়ে ঘৰলৈ মাতি নি কু-কৰ্মত লিপ্ত কৰাইছিল। যুৱতী গৰাকীয়ে কু-কৰ্মৰ ভিডিঅ’ বিশেষ ছাইটত আপলোড কৰি ভাইৰেল কৰিছিল বুলিও কয় গাঁৱৰ একাংশ মহিলাই। যুৱতী গৰাকীৰ লগত কেইবাজনো লোক জড়িত থাকৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। এক সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে ৰাইজে।

ইফালে আৰক্ষীয়ে যুৱতী গৰাকীক এই কু-কৰ্মত সহযোগ কৰা দুজন যুৱককো গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে যুৱতী গৰাকীৰ সহযোগী দুজনৰ পৰা মোবাইল ফোন আৰু লেপটপ জব্দ কৰিছে। জব্দ কৰা লেপটপটোৰ পৰাই বিশেষ ছাইটত অশ্লীল ভিডিঅ’ আপলোড কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।