গুৱাহাটী, ৭ মে’: প্ৰায় দুমাহৰ তীব্ৰ প্ৰতিযোগিতামূলক ফুটবলৰ পাছত অসমৰ সৰ্বপ্ৰথম গ’ল্ডেন বেবী লীগ (First Golden Baby League) ‘গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ৰ তৃতীয় ছিজনৰ ছয়মাইলৰ কৃষি ভৱন খেলপথাৰত দেওবাৰে (৭ মে’) সমাপ্তি ঘটে। গুৱাহাটী চিটী এফচি আৰু স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেণ্টে আয়োজন কৰা এই লীগৰ অনুৰ্ধ ৬ আৰু ৮ শাখাৰ ফাইনেল আৰু অনুৰ্ধ ১০ আৰু ১২ শাখাৰ ছেমিফাইনেল তথা ফাইনেলৰ দ্বাৰা এই প্ৰতিযোগিতাৰ অন্ত পৰে।

অনুৰ্ধ ৬ ৰ ফাইনেলত গুৱাহাটী চিটী এফচিক মনোময় এছচিয়ে ৩-২ গ’লত পৰাস্ত কৰি চেম্পিয়ন হয়। অনুৰ্ধ ৮ ৰ ফাইনেলত চান্দমাৰী এছচিয়ে নাৰেংগী ফুটবল প্ৰশিক্ষণ কেন্দ্ৰক টাইব্ৰেকাৰত ১-০ গ’লত পৰাস্ত কৰে৷ অনুৰ্ধ ১০ ৰ ফাইনেলত হান্টোছ এফচিয়ে নৰ্থ ইষ্ট ইলিট ছকাৰ স্কুলক ১-০ গ’লত পৰাস্ত কৰে৷ অনুৰ্ধ ১২ ৰ ফাইনেলত গুৱাহাটী চিটী এফচিক প্ৰাগজ্যোতিষপুৰ ফুটবল একাডেমীয়ে ১-০ গ’লত পৰাস্ত কৰে৷

উল্লেখ্য যে সামৰণি অনুষ্ঠানতে অলিম্পিকৰ পদক বিজেতা বক্সাৰ লাভলিনা বৰগোহাঁইয়ে স্থাপন কৰা লাভলিনা ফাউণ্ডেচনে লীগৰ পৰা নিৰ্বাচিত ২০ গৰাকী প্ৰতিভাসম্পন্ন খেলুৱৈক খেলুৱৈ হিচাপে তেওঁলোকৰ অগ্ৰগতিৰ দিশত সহায়ৰ বাবে পৰিচয়পত্ৰ প্ৰদান কৰে৷ অনুষ্ঠানত লাভলিনা বৰগোঁহাইৰ পিতৃ তথা ফাউণ্ডেচনৰ কোষাধ্যক্ষ টিকেন্দ্ৰজিৎ বৰগোহাঁই, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ফাউণ্ডেচনৰ উপ সভাপতি ডঃ অচ্যুত বৈশ্য উপস্থিত থাকি ফাউণ্ডেচনৰ এই পদক্ষেপ সন্দৰ্ভত বক্তব্য দাঙি ধৰে আৰু গুৱাহাটী চিটী এফচিৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে৷

অনুষ্ঠানত অসম ফুটবল সন্থাৰ ৰেফাৰী বিভাগৰ মুৰব্বী দীপক দে’, সদস্য সুশান্ত সেন, কুৰেন্সিয়াৰ পৰিচালন সঞ্চালক ডঃ কবিতা মজুমদাৰ, গুৱাহাটী চিটী এফচিৰ য়ুথ ডেভেলপমেণ্টৰ মুৰব্বী বিধান দাস, ব্ৰহ্মপুত্ৰ টীৰ এইচ আৰ মুৰব্বী দীপাঞ্জনা চৌধুৰী, এক্সেছ বেভৰেজৰ ছেল্‌ছ হেড শৈলেন্দ্ৰ শৰ্মা উপস্থিত থাকি প্ৰতিযোগিতাৰ বিজয়ী আৰু বিজেতাসকলক বঁটাসমূহ প্ৰদান কৰে৷ লীগৰ ২৯ গৰাকী উদীয়মান খেলুৱৈ, ১৪ গৰাকী উদীয়মান প্ৰশিক্ষকক বিশেষ বঁটা প্ৰদান কৰা হয়৷ লগতে প্ৰাগজ্যোতিষপুৰ একাডেমীক শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল আৰু মনোময় স্প’ৰ্টছ ক্লাব, গুৱাহাটী টাউন ক্লাব, গুৱাহাটী চিটী এফচি আৰু নাৰেংগী ফুটবল প্ৰশিক্ষণ কেন্দ্ৰক শ্ৰেষ্ঠ গ্ৰাছৰুটছ ক্লাবৰ বঁটা প্ৰদান কৰা হয়৷

লীগৰ অনুৰ্ধ ৬।ৰ সৰ্বাধিক গ’লদাতা হয় গুৱাহাটী চিটী এফচিৰ ৰাজবীৰ বিশ্বকৰ্মা (২৮ টা গ’ল) আৰু শ্ৰেষ্ঠ খেলুৱৈ হয় মনোময় স্প’ৰ্টছ ক্লাবৰ মুণ্ডাংখা বড়ো৷ অনুৰ্ধ ৮ ত ১৫ টা গ’লেৰে সৰ্বাধিক গ’লদাতা হয় চান্দমাৰী এছচিৰ বিহান কাশ্যপ বড়ো আৰু শ্ৰেষ্ঠ খেলুৱৈ হয় নাৰেংগী ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ অংশুমান শৰ্মা ৷ অনুৰ্ধ ১০ত ১২ টা গ’লেৰে সৰ্বাধিক গ’লদাতা হয় চান্দমাৰী এছচিৰ ঈশান বৰা, শ্ৰেষ্ঠ খেলুৱৈ হীৰকজিৎ বৰ্মন (হান্টোছ এফচি) আৰু শ্ৰেষ্ঠ গ’লকীপাৰ বিতোপন শইকীয়া (হান্টোছ এফচি )৷

অনুৰ্ধ ১২ ত ২১ টা গ’লেৰে সৰ্বাধিক গ’লদাতা হয় অৰূপ বৰ্মন (প্ৰাগজ্যোতিষপুৰ একাডেমী), শ্ৰেষ্ঠ খেলুৱৈ ৰজত শৰ্মা (প্ৰাগজ্যোতিষপুৰ একাডেমী) আৰু শ্ৰেষ্ঠ গ’লকীপাৰ ঈশান্ত সোণোৱাল (গুৱাহাটী চিটী এফচি)৷ মুঠ ৬৪।টা দল আৰু সাত শতাধিক খেলুৱৈয়ে অংশ লোৱা জিজিবিএলৰ তৃতীয় ছিজনত সহযোগিতা আগবঢ়াইছিল গুৱাহাটী স্কুল অব্‌ এক্সিলেন্স, ছাই বিকাশ, এক্সেছ, প্ৰিন্ট পাণ্ডা, ল’গ’ এডভাৰ্টাইজিং আৰু ব্ৰহ্মপুত্ৰ টীয়ে৷