গুৱাহাটী : ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় আয়ুৰ্বেদিক বিজ্ঞান গৱেষণা পৰিষদ (CCRAS)ৰ অধীনস্থ প্ৰতিষ্ঠান কেন্দ্ৰীয় আয়ুৰ্বেদ (Ayurveda) গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটীয়ে এখন সুস্থ-সবল সমাজৰ বাবে আয়ুৰ্বেদক গণ আন্দোলন হিচাপে গঢ়ি তোলাৰ দিশত পূৰ্ণ দায়বদ্ধতা প্ৰকাশ কৰিছে। এই বৰ্ষৰ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস উদযাপনৰ কেন্দ্ৰীয় বিষয়বস্তু হৈছে ‘প্ৰতিদিনে, প্ৰতিঘৰে আয়ুৰ্বেদ।’ সেই উপলক্ষে কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটীৰ ভাৰপ্ৰাপ্ত সহকাৰী সঞ্চালক ডাঃ দীনেশ বৰুৱাই এক সংবাদ মেল সম্বোধন কৰে।

সংবাদ মেলত ডাঃ দীনেশ বৰুৱাই কয়, ”আয়ুৰ্বেদ হৈছে আমাৰ দেশৰ ঐতিহ্য-পৰম্পৰাৰ নিদৰ্শন। মানৱ সমাজৰ উন্নতিৰ হকে আমাৰ সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। আয়ুৰ্বেদত উল্লেখ থকা আমাৰ চহকী গ্ৰন্থসমূহৰ সহায়ত বৰ্তমান আমি সকলো ৰোগৰ চিকিৎসাৰ দিশত অগ্ৰসৰ হৈছোঁ। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত তথা কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰন্তৰ প্ৰচেষ্টা আৰু নিৰ্দেশনাত আমি আয়ুৰ্বেদত নিহিত থকা বিজ্ঞানক গতিশীলতা প্ৰদান কৰি ‘গণ আন্দোলন’ ৰূপে গঢ় দিবলৈ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যাতে মানুহক এটা সুস্থ জীৱন যাপন কৰাত ই সহায়ক হ’ব পাৰে। দেশখনৰ প্ৰতিগৰাকী লোকৰ সহযোগত এই আন্দোলনে জন আৰোগ্যৰ ৰূপ ল’ব আৰু ভাৰতবৰ্ষক এখন সুস্থ-সবল দেশ হিচাপে গঢ় দিয়াত সহায় কৰিব।”

তদুপৰি ‘প্ৰতিদিনে প্ৰতিঘৰে আয়ুৰ্বেদ’ সন্দৰ্ভত ডাঃ দীনেশ বৰুৱাই কয় যে, “সাম্প্ৰতিক সময়ত জীৱনৰ মান বৃদ্ধি কৰাত আয়ুৰ্বেদৰ প্ৰভাৱ উল্লেখযোগ্য। আমি সকলোৱে জ্ঞাত যে, আমাৰ গতিশীল জীৱনশৈলীৰ বাবে কেনেকৈ অসংক্ৰামক ৰোগসমূহ আমাৰ স্বাস্থ্যৰ বাবে বিপদজনক হৈ পৰিছে। এই ক্ষেত্ৰত আয়ুষ আহাৰ সকলোৰে স্বাস্থ্যৰ বাবে এক আশীৰ্বাদ হিচাপে পৰিগণিত হ’ব পাৰে। আয়ুষ আহাৰক সকলো পুষ্টিকৰ সুষম খাদ্যৰদ্বাৰা অসংক্ৰামক ৰোগৰ কুপ্ৰভাৱৰ পৰা মানুহক মুক্ত কৰিব পৰাকৈ তৈয়াৰ কৰা হৈছে। গতিকে, আমি আয়ুষ আহাৰ গ্ৰহণ কৰি এই সুন্দৰ সুযোগৰদ্বাৰা পূৰ্ণ লাভাম্বিত হ’ব লাগিব।”

প্ৰতিষ্ঠানখনৰ উদ্ভিদ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ গৱেষক বিষয়া দেৱাঞ্জল বৰাই কয়, ‘‘ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চল, ঔষধি উদ্ভিদৰ এক ভঁৰালস্বৰূপ। বহুতো ঔদ্যোগিকভাৱে গুৰুত্বপূৰ্ণ উদ্ভিদকে ধৰি বিভিন্ন উপযোগী উদ্ভিদৰ বৈচিত্ৰ্যৰ সৈতে ইয়াত আয়ুৰ্বেদৰ বহুল সম্ভাৱনা আছে। বিভিন্ন অঞ্চলৰ পৰা সংগ্ৰহ কৰা কেঁচা ঔষধৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠানখনত আয়ুৰ্বেদৰ গৱেষণাসমূহ কৰি থকা হৈছে। তদুপৰি, কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটীয়ে প্ৰামাণিক কেঁচা ঔষধ সংগ্ৰহকে ধৰি সমগ্ৰ উত্তৰ-পূব ভাৰতৰ আঠখন ৰাজ্যত মেডিকো-এথন’-বোটানিকেল ছৰ্ভে, লোক-চিকিৎসাবিদ আৰু লোক-চিকিৎসা পদ্ধতিসমূহৰ নথিভুক্তকৰণৰ সৈতে জড়িত ক্ষেত্ৰবোৰৰ অধ্যয়ন কৰি আছে। আমাৰ প্ৰতিষ্ঠানৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত বনস্পতি সংগ্ৰহালয়ে (NEHAR) ৭৫০০ ৰো অধিক ঔষধি বনস্পতিৰ নমুনা সংগ্ৰহ কৰিছে। লগতে কেঁচা ঔষধৰ সংগ্ৰহালয় আৰু প্ৰদৰ্শনীমূলক উদ্যানত ছাত্ৰ-ছাত্ৰী, বিদ্বান আৰু সাধাৰণ জনতাৰ সন্মুখত প্ৰদৰ্শনৰ বাবে সংৰক্ষিত আৰু জীৱন্ত নমুনা উপলব্ধ আছে।”

উল্লখনীয়ভাৱে আয়ুৰ্বেদ বিজ্ঞানে অগ্ৰগতি আৰু বিৱৰ্তনৰ বাবে অন্যান্য আধুনিক বিজ্ঞানৰ সৈতেও সহযোগিতা কৰিছে। এই সন্দৰ্ভত গৱেষণা প্ৰতিষ্ঠানটোৰ ভেষজগুণ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ গৱেষক বিষয়া ডাঃ মনজিৎ বৰাই কয়, “ শাস্ত্ৰীয় আয়ুৰ্বেদৰ বৈজ্ঞানিক প্ৰমাণীকৰণৰ অৰ্থে আমাৰ প্ৰতিষ্ঠানখনে গুৱাহাটীৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সৈতে এটা সহযোগিতামূলক গৱেষণা প্ৰকল্প চলাই আছে। আমাৰ ৰসায়ন বিজ্ঞান বিভাগো ড্ৰাগ ষ্টেণ্ডাৰ্ডাইজেচনৰ লগত জড়িত। প্ৰি-ক্লিনিকেল কাৰ্যকলাপৰ অংশ হিচাপে প্ৰতিষ্ঠান চৌহদত পঞ্চকৰ্মা, ভেষজগুণ আৰু ৰসায়ন বিজ্ঞান বিভাগৰ বাবে পশু গৃহ সমৃদ্ধ দুটাকৈ ভৱন নিৰ্মাণৰত অৱস্থাত আছে ইয়াৰ জৰিয়তে আয়ুৰ্বেদৰ গৱেষণাসমূহ মানৱ জীৱনৰ উন্নতিৰ ক্ষেত্ৰত প্ৰয়োগ কৰাত অধিক ফলপ্ৰসূ তথা সুদূৰ-প্ৰসাৰী হ’ব।”