নিউজ ডেস্ক : অৰুণাচল প্ৰদেশত পুনৰ দুর্ঘটনাগ্ৰস্ত হেলিকপ্টাৰ (Helicopter Crashes In Arunachal)। ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুর্ঘটনাগ্ৰস্ত হৈছে অৰুণাচল প্ৰদেশত। হেলিকপ্টাৰ দুর্ঘটনাত নিহত হৈছে ভাৰতীয় সেনাৰ দুজনকৈ লোক।

শুকুৰবাৰে অৰুণাচল প্ৰদেশত পুনৰ এখন হেলিকপ্টাৰ দুর্ঘটনাগ্ৰস্ত হোৱাত ভাৰতীয় সেনাৰ দুজনকৈ লোকৰ মৃত্যু হৈছে। শুকুৰবাৰে পুৱা প্ৰায় ১০.৪৩ বজাৰ অৰুণাচল প্ৰদেশৰ দুৰ্গম অঞ্চলত ভাৰতীয় সেনাৰ হেলিকপ্টাৰখন দুর্ঘটনাগ্ৰস্ত হয়। অৰুণাচল প্ৰদেশৰ উজনি ছিয়াং জিলাৰ দুৰ্গম ছিংগিং গাঁৱত ভাৰতীয় সেনাৰ হেলিকপ্টাৰখন দুর্ঘটনাগ্ৰস্ত হয়।

ইতিমধ্যে অৰুণাচল প্ৰদেশৰ ছিংগিং গাঁৱত দুর্ঘটনাগ্ৰস্ত ভাৰতীয় সেনাৰ হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে। হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষৰ লগতে হেলিকপ্টাৰখনত থকা ভাৰতীয় সেনাৰ দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দুর্ঘটনাগ্ৰস্ত ভাৰতীয় সেনাৰ ৰুদ্ৰ হেলিকপ্টাৰ।

ভাৰতীয় সেনাৰ ৰুদ্ৰ হেলিকপ্টাৰখন পুৱা নিয়মীয়া উৰণলৈ যোৱাৰ পিছতে দুর্ঘটনাগ্ৰস্ত হয়। হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে ভাৰতীয় সেনাৰ এটা দল হেলিকপ্টাৰখন উদ্ধাৰ বাবে অভিযান চলাই হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰে। হেলিকপ্টাৰখনত থকা দুজন ভাৰতীয় সেনাৰ লোকৰ মৃতদেহও উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলটোৱে।

হেলিকপ্টাৰখন দুর্ঘটনাগ্ৰস্ত হোৱা পাহাৰীয়া দুৰ্গম অঞ্চলটোলৈ যোৱাৰ বাবে কোনো ধৰণ বাট নথকাত আকাশমাৰ্গেৰে উদ্ধাৰ অভিযান চলোৱা হয়। উদ্ধাৰ অভিযানত এমআই-১৭ আৰু দুখন দ্রুব হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে। অঞ্চলটোৰ স্থানীয় লোকেও উদ্ধাৰকাৰী দলটোক সহযোগ আগবঢ়াইছিল। উল্লেখ্য যে চলিত মাহত অৰুণাচল প্ৰদেশত দুখন কৈ হেলিকপ্টাৰ দুর্ঘটনাগ্ৰস্ত হৈছে।