ৰঙিয়া, ১৪ জুলাইঃ সংহাৰী বানত ককবকাইছে ৰাজ্যবাসী। বছৰ বছৰ ধৰি বানত ৰাজ্যৰ জনসাধাৰণে দুৰ্ভোগ ভুগি অহাৰ সময়তো দৃষ্টিভংগী সলনি নহ’ল কেন্দ্ৰীয় চৰকাৰৰ। কি কংগ্ৰেছ, কি বিজেপি সকলোৱে মাহী আইৰ দৃষ্টিৰে চাইছে অসমক। অসমৰ ৰাইজে বানপানীক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ চৰকাৰক বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো কোনো গুৰুত্ব নিদিলে। এই মন্তব্য আছুৰ সম্পাদক লুৰিণ জ্যোতি গগৈৰ৷ ৰঙিয়াৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি লুৰিণ জ্যোতি গগৈয়ে বৰ্তমান অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত এনেদৰে ক্ষোভ প্ৰকাশ কৰে৷ তেওঁ লগতে কয় যে, কাশ্মীৰ আৰু বিহাৰত বানপানী হ’লে কেন্দ্ৰীয় নেতাসকলে অঞ্চলসমূহ পৰিভ্ৰমণ কৰি বৃহৎ পৰিমানৰ বান সাহাৰ্য্য ঘোষণা কৰাৰ বিপৰীতে অসমৰ ক্ষেত্রত বৈষম্যমূলক ভূমিকা গ্ৰহণ কৰে৷ তেওঁ শেহতীয়াভাৱে শিক্ষামন্ত্ৰীয়ে নিম্ন ফলাফল দেখুওৱা বিদ্যালয়ৰ শিক্ষকসকলক ৰাজহুৱাকৈ অপমান কৰা কাৰ্য্যক তীব্ৰ সমালোচনা কৰি বিদ্যালয়ৰ আন্তঃগাঠনি আৰু ছাত্ৰ-ছাত্ৰী সকলক পৰ্যাপ্ত সুবিধা দিবলৈ দাবী জনায়। ইয়াৰ উপৰি ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্ম্মে সম্পূৰ্ণ কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ এই ক্ষেত্ৰত অবাঞ্চিত হস্তক্ষেপ দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।