গুৱাহাটী, ১৪ জুলাইঃ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ ৰাণীত প্ৰধানমন্ত্ৰী উজলা যোজনাৰ অধীনত বহু হিতাধিকাৰীক বিনামূলীকৈ ৰন্ধন গেছ বিতৰণ কৰা হয়৷ সমষ্টিটোৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই হিতাধিকাৰীসকলক ৰন্ধন গেছ বিতৰন কৰে৷ ৰাণীস্থিত এম/এছ ছান গ্ৰামীন বিতৰকৰ উদ্যোগত প্ৰায় তিনিহেজাৰ দৰিদ্ৰতা সীমাৰেখাৰ তলত বসবাস কৰা লোকক প্ৰধানমন্ত্ৰী উজলা যোজনাৰ অধীনত ৰন্ধন গেছৰ সংযোগ দিয়া হয়৷ অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ বিষয়ববীয়াৰ লগতে অসম চৰকাৰৰ যোগান বিভাগৰ কেবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী উজলা যোজনাৰ অধীনত সমগ্ৰ দেশতে দৰিদ্ৰতা সীমাৰেখাৰ তলত বসবাস কৰা লোকক বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ দিয়া হৈছে৷ এই আঁচনিৰ অধীনত অসমতো বিভিন্ন জিলাৰ দৰিদ্ৰ লোকক ৰন্ধন গেছৰ সংযোগ দিয়া হৈছে৷ ইয়াৰে অংশ হিচাপে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ ৰাণীত বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই হিতাধিকাৰীসকলক ৰন্ধন গেছ বিতৰন কৰে৷