গুৱাহাটী : মহানগৰী গুৱাহাটীত পুনৰ জব্দ হৈছে কোকেইন। বিলাসী ড্ৰাগছ হিচাপে জনাজাত কোকেইন তৃতীয়বাৰৰ বাবে জব্দ হৈছে গুৱাহাটীত। দুজন নাইজেৰিয়াৰ নাগৰিকৰ কবলৰ পৰা জব্দ কৰা হৈছে কোকেইনখিনি। ইয়াৰ পূৰ্বে ডিজে ব্ৰাহ্মিনৰ কবলৰ পৰা আৰু উজান বজাৰৰ ড্ৰাগছৰ পাৰ্টিত জব্দ হৈছিল বিলাসী ড্ৰাগছ কোকেইন।

ৰাজ্যত প্ৰতিদিনে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ হৈছে ড্ৰাগছ। কেতিয়াবা যদি নিচাজাতীয়া টেবলেট, কেতিয়াবা হেৰ’ইন আৰু কেতিয়াবা ব্ৰাউন ছুগাৰ জব্দ হয়। কিন্তু এইবাৰ ড্ৰাগছৰ ভিতৰতে বিলাসী ড্ৰাগছ হিচাপে জনাজাত কোকেইন জব্দ হৈছে অসমত। গুৱাহাটী মহানগৰ আৰক্ষীয়ে বিলাসী ড্ৰাগছ কোকেইন জব্দ কৰি এক বৃহৎ সাফল্য লাভ কৰিছে।

গুৱাহাটী ৰে’ল ষ্টেচনত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত অপৰাধ নিয়ন্ত্ৰণ শাখাই অভিযান চলাই ২০ গ্ৰাম কোকইন জব্দ কৰে। এক গোপন খবৰৰ ভিত্তিত অভিযানকাৰী দলটোৱে দুজন নাইজেৰিয়াৰ নাগৰিকৰ কবলৰ পৰা জব্দ কৰে কোকেইনখিনি। নাইজেৰিয়াৰ নাগৰিক দুজন ৰে’লযোগে দিল্লীৰ পৰা আনিছিল কোকেইনখিনি।

ধৃত নাইজেৰিয়াৰ নাগৰিক দুজন ক্ৰমে ইমানুৱেল এনুমা ডাইক আৰু ইফিনি চাৰ্লচ অকোৱাকাজ। নাইজেৰিয়াৰ নাগৰিক দুজনে কোকেইনখিনি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাই থাকোতে আৰক্ষীৰ জালত পৰে। ধৃত ইফিনি চাৰ্লচ অকোৱাকাজ নামৰ নাইজেৰিয়াৰ লোকজনৰ পৰা আৰক্ষীয়ে ভিছা লাভ কৰা নাই।

দুয়ো নাইজেৰিয়াৰ নাগৰিকে অবৈধ পানকাৰ্ড আৰু ভিছাৰৰ সহায়ত দীর্ঘদিন ধৰি দেশৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহ কৰি থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি অসম তথা উত্তৰ পুৱৰ বহু লোকে কোকেইন সেৱন কৰে। আৰক্ষীৰ তদন্তত বহু লোক জালত পৰাৰ সম্ভাৱনা আছে।