শুৱালকুছি, ২২ ছেপ্টেম্বৰ, ২০২৩ : বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকৰ শাখা বৃদ্ধি। অসমত এটাৰ পিছত আনটো শাখা মুকলি কৰিছে দেশৰ অতিকৈ জনপ্ৰিয় বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকে। কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীৰ নুনমাটিত বন্ধন বেংকৰ এটা শাখা মুকলি কৰা হৈছিল। শুকুৰবাৰে পুনৰ জনপ্ৰিয় বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকৰ আন (New Branch) এটা শাখা মুকলি কৰা হয়।

দেশৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংক শেহতীয়াকৈ অসমত জনপ্ৰিয়তাৰ শিখৰত উপনীত হৈছে। দৰিদ্ৰ, দুখীয়া শ্ৰেণীৰ ৰাইজক অতিকৈ কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দৰিদ্ৰ, দুখীয়া শ্ৰেণীৰ লোকৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা বন্ধন বেংক অতি কম সময়ৰ ভিতৰত দেশজুৰি বিখ্যাত হৈ পৰিছে। ৰাইজৰ মৰম আৰু বিশ্বাস ধৰি ৰাখি বিত্তীয় প্ৰতিষ্ঠান বন্দন বেংকে ৰাইজৰ অধিক সেৱাৰ বাবে অসমত মুকলি কৰি আছে এটাৰ পিছত আনটো শাখা।

শুকুৰবাৰে বন্ধন বেংকে কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত শুৱালকুছিৰ ৰাইজৰ সুবিধাৰ বাবে শুৱালকুছিত নতুন শাখা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। শুৱালকুছি খণ্ড উন্নয়ন বিষয়া অৰ্চনা দাসে শুৱলাকুছি বন্ধন বেংকৰ অসমৰ ১০৫ নং শাখাটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কয় যে এই শাখাটোৰ দ্বাৰা শুৱালকুছি অঞ্চলৰ বিশেষভাৱে উপকৃত হ’ব৷ খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে শুৱালকুছি ৰাইজৰ সেৱাৰ বাবে আগুৱাই অহা বন্ধন বেংকৰ সকলো সময়তে সহযোগিতাৰ হাত আগবঢ়াব বুলিও কয়।

বন্ধন বেংকৰ শুৱালকুছি শাখা উদ্বোধন অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে শুৱালকুছি বালিকা মজলীয়া বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক কৃষ্ণকান্ত শৰ্মাই৷ অনুষ্ঠানত উপস্থিত থাকি বন্ধন বেংকৰ ৰঙিয়া ক্লাষ্টাৰ হেড ৰাজিব বৰদলৈয়ে বন্ধন বেংকৰ সফলতাৰ খতিয়ান দাঙি ধৰি ২০০১ চনত চন্দ্ৰশেখৰ ঘোষৰ নেতৃত্বত এন জি অ হিচাপে প্ৰতিষ্ঠা লাভ কৰা বন্ধনে ২০১৫ চনত ৰিজাৰ্ভ বেংকৰ অনুমোদন পোৱাৰ পিছত এতিয়া দেশৰ আগশাৰীৰ বেংকৰূপে প্ৰতিষ্ঠা লাভ কৰাৰ কথা সদৰি কৰে ৷

উদ্বোধনী অনুষ্ঠানত বিশিষ্ট কবি, সমাজসেৱিকা উৰ্মিমালা দেৱী, জনপ্ৰিয় অভিনেতা বিমল শৰ্মা, বন্ধন বেংকৰ শুৱালকুছি শাখাৰ শাখা পৰিচালক গোবিন্দ পাঠক, সহকাৰী পৰিচালক দিপু কলিতা, গ্ৰাহক সম্পৰ্কৰক্ষী বিষয়া ধীৰকজ্যোতি কলিতা, কনকলতা বৰ্মনৰ আৰু বন্ধন বেংকৰ মাৰ্কেটিং বিভাগৰ এচিটেন্ট ভাইচ প্ৰেচিডেন্ট অজয় কুমাৰ শীলো উপস্থিত থাকে৷ উল্লেখ্য যে কিছুদিন পূৰ্বে বন্ধন বেংকৰ নুনমাটি শাখা মুকলি কৰা হৈছিল। প্ৰতিদিন মিডিয়া নেটৱৰ্কছৰ সঞ্চালক জয়ন্ত বৰুৱাই মুকলি কৰিছিল বন্ধন বেংকৰ নুনমাটি শাখা। সমগ্ৰ দেশত বন্ধন বেংকৰ ৬ হাজাৰতকৈও অধিক শাখা আৰু আউটলেট আছে।