বিজনী, ২৩ ছেপ্টেম্বৰ, ২০২৩ : অসম জাতীয় পৰিষদৰ (Assam Jatiya Parishad) এক অসম যাত্ৰা শনিবাৰে চিৰাং জিলাৰ বিজনী চহৰ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূত সম্পন্ন হয়৷ ধুবুৰী আৰু কোকৰাঝাৰ জিলাত ব্যাপক জনসমৰ্থন লাভ কৰি চিৰাং জিলাত প্ৰৱেশ কৰা যাত্ৰাৰ ৰূপ কিছু সলনি কৰি যাত্ৰাকাৰীসকলে গাঁও অঞ্চলত প্ৰৱেশ কৰে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত চলা এক অসম যাত্ৰাই চিৰাং জিলাৰ ১৫ খনতকৈ অধিক গাঁও স্পৰ্শ কৰে৷

শুকুৰবাৰে কোকৰাঝাৰত যাত্ৰা সামৰি যাত্ৰাকাৰী দলটো নিশাৰ ভাগতে চিৰাং জিলাত প্ৰৱেশ কৰে৷ শনিবাৰে পুৱা বিজনী আৱৰ্ত ভৱনৰ সন্মুখৰ পৰা যাত্ৰা আৰম্ভ কৰি প্ৰথমে বিজনী মহাবিদ্যালয় চৌহদত শ্বহীদ তৰ্পন কৰে৷ বিজনী লক্ষ্মী মন্দিৰ আৰু বিজনী মছজিদত সেৱা জনাই দিনৰ প্ৰায় ১২ বজাত  বিজনী বান্ধব উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা বিজনী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰলৈকে পদব্ৰজে চহৰ পৰিক্ৰমা কৰে৷ তাৰ পিছত বিজনী সত্ৰত আশীৰ্বাদ গ্ৰহণ কৰি গাঁও অঞ্চলত প্ৰৱেশ কৰে৷ প্ৰথমে চোৱাৰী বৰিপাৰা গাঁৱৰ ৰাজহুৱা সভাগৃহত সমৱেত জনতাক সম্বোধন কৰে৷ সন্ধিয়া বৰপথাৰ বজাৰ প্ৰাঙ্গণত সমৱেত দুই সহস্ৰাধিক লোকক উদ্দেশ্যি ভাষণ দিয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷

ইয়াৰ পিছতে পানবাৰী কালী মন্দিৰত সেৱা জনাই ভাংনামাৰী বজাৰ প্ৰাঙ্গণত অনুষ্ঠিত আন এখন সভাত ভাষণ দিয়ে লুৰীণজ্যোতি গগৈয়ে৷ যাত্ৰাকাৰী দলটোৱে নিশা বৰপেটা অভিমুখে যাত্ৰা আৰম্ভ কৰে৷ দলটোৱে বৰপেটা জিলাৰ হাউলীত নৈশ যাপন কৰি দেওবাৰে বৰপেটা জিলাৰ ভেল্লা, বৰপেটা চহৰ, কয়াকুছি আৰু ভৱানীপুৰৰ মাজেদি যাত্ৰা কৰিব৷ চিৰাং জিলাৰ বৰপথাৰ বজাৰত আয়োজিত সভাত জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে শাসনাধিষ্টিত বিজেপি দলৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন কৰি কয় যে বিজেপি আৰু ইয়াৰ চৰকাৰে বৰ্ণবাদী তথা মনোবাদী চিন্তাক প্ৰাধান্য দিয়ে৷ বিজেপি চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগক আওকান কৰাৰ আঁৰত দলটোৰ এই চিন্তাই ক্ৰিয়া কৰিছে বুলি কয় লুৰীণজ্যোতি গগৈয়ে।

মানুহক ধৰ্ম বৰ্ণ জাতিৰ ভিত্তিত বিভাজিত কৰা বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই বিজনী জিলালৈ আহি “বিজেপিৰ চৰকাৰ আহিলে চৰকাৰী মাটিত বসবাস কৰা সকলো খিলঞ্জীয়া লোকক মাটিৰ পট্টা দিম” বুলি ঘোষণা কৰা ভিডিঅ’ সকলোৰে হাতে হাতে আছে৷ কিন্তু এতিয়া ওলোটাই চৰকাৰে খিলঞ্জীয়া লোককে উচ্ছেদৰ টাৰ্গেট হিচাপে লৈছে৷ ক্ষুদ্ৰ ঋণ লোৱাসকলক ৭০-৭৫ শতাংশৰে ঋণ পৰিষোধ নকৰি চৰকাৰে স্পষ্টভাৱে প্ৰতাৰণা কৰিছে বুলি অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে অভিযোগ কৰে৷

লুৰীণজ্যোতি গগৈয়ে লগতে দলৰ ‘এক অসম যাত্ৰা’ৰ লক্ষ্য-উদ্দেশ্যৰ বিষয়ে ৰাইজৰ আগত বৰ্ণনা কৰি সকলোকে এক অসম ঐক্যবদ্ধ অসমৰ চেতনাক শক্তিশালী কৰিবলৈ আহ্বান জনায়৷ লুৰীণজ্যোতি গগৈয়ে কয় যে এক অসম যাত্ৰাৰ ঘোষিত লক্ষ্য-উদ্দেশ্যৰ উপৰি তেওঁৰ এক নিজস্ব লক্ষ্য-উদ্দেশ্যও আছে৷ সেয়া হ’ল অসমখন জনা৷ ৰাজ্যৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি অঞ্চলবোৰ চিনা, জনা, তাৰ মানুহবোৰৰ সৈতে কথা পাতি মানুহৰ সমস্যা আৰু মনৰ বতৰা লোৱাটো আন এক উদ্দেশ্য৷