গুৱাহাটী, ২২ ছেপ্টেম্বৰ, ২০২৩ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে, শুকুৰবাৰে অমৃত ভাৰত ষ্টেচন (Amrit Bharat Station) আঁচনিৰ অধীনত পুনৰ বিকশিত হ’বলগীয়া লংকা, লামডিং আৰু ডিমাপুৰ ষ্টেচনৰ অগ্ৰগতিৰ বুজ লয়। মহাপ্ৰৱন্ধক গৰাকীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত কৰণীয় বিভিন্ন কামৰ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ত মহাপ্ৰৱন্ধক গৰাকীৰ সৈতে উপস্থিত আছিল লামডিঙৰ মণ্ডল ৰে’লৱে প্ৰৱন্ধক প্ৰেম ৰঞ্জন কুমাৰ আৰু বিভিন্ন বিভাগৰ প্ৰধান বিষয়াবৰ্গ আৰু বিভাগীয় বিষয়াসকল।

অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত লংকা, লামডিং আৰু ডিমাপুৰ ষ্টেচন যথাক্ৰমে ৩০.১ কোটি, ৪০.৮ কোটি আৰু ২৬৫.৬ কোটি টকাৰ আনুমাণিক ব্যয়সাপেক্ষে নৱীকৰণ কৰা হ’ব। মহাপ্ৰৱন্ধকে নতুন ষ্টেচন ভৱন, ক্ৰু লবি, ফুট অ’ভাৰ ব্ৰিজ, প্লেটফৰ্ম আৰু অন্যান্য যাত্ৰী সা-সুবিধাৰ পৰিকল্পনা কাৰ্যৰ পুংখানুপুংখ পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত মহাপ্ৰৱন্ধক গৰাকীয়ে সংবাদ মাধ্যমৰ প্ৰতিনিধিবৰ্গৰ সৈতে বাৰ্তালাপ কৰে আৰু ৰে’লৱে ব’ৰ্ডৰ নিৰ্দেশনা অনুসৰি এই সংমণ্ডলত সম্পন্ন হৈ থকা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বিষয়ে অৱগত কৰে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত লংকা, লামডিং আৰু ডিমাপুৰৰ দৰে ষ্টেচনসমূহ পুনৰ্বিকাশ কৰা হ’ব।

ইয়াৰোপৰি, ডিমাপুৰত মহাপ্ৰৱন্ধক গৰাকীয়ে নাগালেণ্ডৰ বণিক, ব্যৱসায়ী আৰু বিভিন্ন অংশীদাৰসকলৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকৰ লক্ষ্য আছিল নাগালেণ্ডৰ দক্ষ লজিষ্টিকৰ সৰবৰাহ আৰু পৰিবহণ ব্যৱস্থা বৃদ্ধি কৰাৰ লগতে নাগালেণ্ডৰ পৰা অধিক সামগ্ৰীক উন্নয়নৰ দেশৰ বিভিন্ন প্ৰান্তলৈ আৰু বিদেশলৈ প্ৰেৰণ কৰা। ষ্টেচন এলেকাৰ সামগ্ৰিক উন্নয়নৰ বাবে আৰু বাণিজ্যিক কাম-কাজৰ সুবিধাৰ বাবে টাৰ্মিনেলসমূহৰ অধিক উন্নয়নৰ বাবে উভয় পক্ষৰ মাজত প্ৰস্তাৱ আৰু পৰামৰ্শ বিনিময় কৰা হয়। ৰে’লৱে আৰু বিভিন্ন অংশীদাৰসকলৰ মাজত অধিক সমন্বয় আৰু সহযোগিতাৰ জৰিয়তে অঞ্চলটোৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নয়নৰ বাবে দুয়ো পক্ষৰ দৃঢ় প্ৰতিশ্ৰুতিৰ সৈতে বৈঠকখন সফলতাৰে সামৰণি পৰে।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ আগষ্ট, ২০২৩ তাৰিখে সমগ্ৰ দেশত সৰ্বমুঠ ৫০৮ টা ৰে’লৱে ষ্টেচনৰ পুনৰ্বিকাশৰ আধাৰশিলা স্থাপন কৰে। এই ষ্টেচনসমূহৰ নৱীকৰণৰ ফলত ৰাজ্যসমূহৰ ৰে’ল যাত্ৰীসকলে অত্যাধুনিক সা-সুবিধা লাভ কৰিব। ইয়াৰ উপৰিও, পুনৰ নিৰ্মাণ কৰা ষ্টেচনসমূহে ৰাজ্যৰ প্ৰধান চহৰসমূহৰ মাজত গুৰুত্বপূৰ্ণ যোগাযোগ ব্যৱস্থা গঢ়ি তুলিব। ইয়াৰ ফলত ৰাজ্যখনত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি হোৱাৰ লগতে কৰ্মসংস্থান সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।