আব্দুল হক
নগৰবেৰা : নদীৰ গৰাত বহি হিয়া উজাৰি কান্দিছে মহিলাই। কান্দোনত ভাঙি পৰা মহিলা সকলক সান্তনা দিয়াৰ চেষ্টা কণ কণ শিশু সকলৰ। নিজে নিজৰ সপোনৰ ঘৰখন এফালৰ পৰা ভাঙি পেলাইছে একাংশ লোকে। এতিয়া ক’ত যাব, ক’ত থাকিব এই সকলক মহিলাৰ প্ৰশ্ন।

বৰপেটা জিলাৰ কাছুমাৰাত কাতি মহীয়া বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নদীৰ জলস্তৰ বৃদ্ধি পোৱাত কালৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই। নদীৰ প্ৰবল সোঁতত এটাৰ পিছত আনটো ঘৰ জাহ গৈছে নদীৰ বুকুত। ইতিমধ্যে গৃহহীন হৈ পৰিছে কেইবাশ লোক।

গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত বহু পৰিয়ালৰ প্ৰতি আহি পৰিছে ভাবুকি। নদীৰ বুকুত নিজৰ মৰমৰ ঘৰখন জাহ যোৱাৰ পূৰ্বে নিজ হাতে ঘৰ ভাঙি নিৰাপদ স্থানলৈ কোনোমতে লৈ গৈছে একাংশ লোকে৷ আশ্ৰয়স্থলী হেৰুৱাই মহিলা সকল কণ কণ শিশু সকলক লৈ নদীৰ গৰাত বহি হিয়া উজাৰি কান্দিছে।

স্থানীয় বিধায়ক, সাংসদ তথা চৰকাৰৰ ওপৰত ক্ষোভিত হৈ পৰিছে গৰাখহনীয়াৰ ফলত আশ্ৰয়হীন হৈ পৰা পৰিয়াল সকল। নিৰ্বাচনৰ পূৰ্বে গৰাখহনীয়া প্ৰতিৰোধৰ প্ৰতিশ্ৰুতি দিয়া বৰ্তমানৰ বিধায়ক গৰাকীও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ। চৰকাৰক শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান ৰাইজৰ।